NORTHEAST NOW (Assamese)
অসম

নগাঁৱত অগপৰ যুৱ পৰিষদৰ জিলা সভাপতিৰ পদত্যাগ; নিৰ্দলীয় হৈ মনোনয়ন

Posted by: মিণ্টু দাস November 19, 2018 8:28 pm
Mrinmoy Borpujari

পঞ্চায়ত নিৰ্বাচনকেন্দ্ৰিক দ্বন্দ্বই কোনো দলকেই ৰেহাই দিয়া নাই। নিৰ্বাচনৰ দিন চমু চপাৰ সমান্তৰালভাৱে কংগ্ৰেছ-বিজেপিৰ সমানে অগপতো চলিছে দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ। পঞ্চায়ত নিৰ্বাচনৰ টিকটক কেন্দ্ৰ কৰি বহু কেইঠাত দলটোৰ নেতা-কৰ্মী-সমৰ্থকৰ মাজত সংঘাতৰ খবৰ পোৱা গৈছে।

শেহতীয়াকৈ নগাওঁ জিলাত দলটোৰ ভিতৰত চলি থকা এনে দ্বন্দ্ব-সংঘাত অধিক প্ৰকট ৰূপত দেখা পোৱা যায়। জানিব পৰা মতে, প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পিছতে অগপৰ যুৱ পৰিষদৰ জিলা সভাপতি মৃন্ময় বৰপূজাৰীয়ে দলত্যাগ কৰে৷

জানিব পৰামতে, বৰপূজাৰী দীৰ্ঘদিন ধৰি অগপৰ সৈতে জড়িত হৈ আহিছিল। কিন্তু পঞ্চায়ত নিৰ্বাচনৰ বাবে দলৰ নেতৃত্বই তেওঁক টিকট নিদি মুকুট শইকীয়াকহে দিয়ে। ইয়াতে ক্ষুভিত হৈ দলত্যাগ কৰে মৃণ্ময় বৰপূজাৰীয়ে। তেওঁ অগপৰ ভিতৰচ’ৰাৰ প্ৰভাৱশালী নেতাই ধনৰ বিনিময়ত প্ৰাৰ্থিত্ব দিয়া বুলি অভিযোগ উত্থাপন কৰে৷

আনহাতে দলত্যাগ কৰাৰ পিছতে যুৱ নেতা মৃন্ময় বৰপূজাৰীয়ে বঢ়মপুৰ সমষ্টিৰ ডিফলু গাঁও পঞ্চায়তৰ সভাপতিৰ পদত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগ বঢ়াব বুলি ঘোষণা কৰিছে। এই উদ্দেশ্যে তেওঁ ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে৷

ইপিনে মৃন্ময় বৰপূজাৰীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দিয়াত চিন্তিত হৈছে অগপৰ প্ৰাৰ্থীজন। জানিব পৰামতে, মৃণ্ময় বৰপূজাৰীৰ যথেষ্ট গণভিত্তি আছে অঞ্চলটোত।