NORTHEAST NOW (Assamese)
অসম

‘অজানিতে মনে মনে’ জনস্বাস্থ্য কাৰিকৰী বিভাগত দুৰ্নীতি

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 3, 2019 4:55 pm
Asomiya Yuva Mancha alleges corruption in Assam PHE department

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বপ্নৰ আঁচনি ‘স্বচ্ছ ভাৰত অভিযান’ৰ নামত অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে বোলছবি নিৰ্মাণ কৰি বিয়াগোম দুৰ্নীতি সংঘটিত কৰা বুলি অভিযোগ উত্থাপিত হৈছে।

মঙ্গলবাৰে দিছপুৰ প্ৰেছ ক্লাবত তথ্যসহ এই অভিযোগ  উত্থাপন  কৰে অসমীয়া যুৱ মঞ্চৰ সচিব প্ৰধান জিতুল ডেকাই।

ডেকাই জনোৱা অনুসৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ স্বচ্ছ ভাৰত অভিযানৰ অধীনত বিভাগটোৱে স্বচ্ছ ভাৰতৰ প্ৰচাৰৰ নামত ‘অজানিতে মনে মনে’ শীৰ্ষক এখন অসমীয়া ছবি নিৰ্মাণ কৰি উলিয়াইছিল, যি চিনেমাৰ নিৰ্মাণ আৰু প্ৰচাৰৰ বাবদ বিভাগটোৱে কৰিছিল লক্ষাধিক টকাৰ ব্যয়।

কিন্তু এই ছবিখন নিৰ্মাণ আৰু প্ৰচাৰৰ নামতো বিভাগটোৰ এচাম বিষয়া আৰু অভিযন্তাই লুণ্ঠন চলোৱাৰ অভিযোগ জিতুল ডেকাৰ।

এই সন্দৰ্ভত অসমীয়া যুৱ মঞ্চই কৰা আৰ টি আই আবেদনৰ ভিত্তিত বিভাগটোৱে দাখিল কৰা তথ্য এনেধৰণৰ “অজানিতে মনে মনে নামৰ এই ছবিখন নিৰ্মাণ কৰাৰ বাবে বাজেট ধার্য কৰা হৈছিল ৪৪,২৬,৫০০ টকা। ছবিখনৰ প্ৰচাৰৰ নামত বিভাগটোৱে খৰছ কৰিছিল ৪০,৬৬,২৭৭ টকা।”

ডেকাৰ অভিযোগ “ইমান টকা খৰছ কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগে স্বচ্ছতাক লৈ নিৰ্মাণ কৰা ছবিখনৰ কথা সাধাৰণ মানুহতো বাদেই  বিভাগটোৰে বহু সংখ্যক বিষয়া কৰ্মচাৰীয়ে  আজিলৈ গম নাপায়। আমি বিভাগীয় অভিযন্তা অথবা বিষয়াক সোধাত তেওঁলোকে নাম শুনা নাই বুলি কয়।”

তেওঁ লগতে কয় যে ছবিখন নিৰ্মাণ কৰিম বুলি ভবা বিষয়াসকলে ছবিখনৰ প্ৰচাৰৰ নামত প্ৰদিজী কমিউনিকেচন আৰু আউতৰীচ্চ এডৱাৰ্টাইজিঙৰ মাধ্যমেৰে প্ৰচাৰৰ খৰছৰ নামত ৪০,৬৬,২৭৭ টকা উলিয়াই লৈ যায়।

স্বচ্ছ ভাৰতৰ প্ৰচাৰৰ নামত যশস্বী পৰিচালক উপকূল বৰুৱাৰ পৰিচালনাত নিৰ্মাণ হৈছিল এই ছবিখন। বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া, ৰাগ ঐনিতম, বাহাৰুল ইছলাম আৰু সুনীতা কৌশিককে ধৰি বহুখিনি অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰা তথা লাখ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মিত এই চলচ্চিত্ৰখন অসমৰ মুঠ ৩৫ টা চিনেমা হলত প্ৰদৰ্শন কৰা হৈছিল যদিও চিনেমাখনৰ মুঠ ব্যৱসায় মাত্ৰ ৭২,২০৭ টকা।

“এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি নিৰ্মাণ আৰু প্ৰচাৰৰ নামত লাখ লাখ টকা খৰচ কৰাৰ পিছতো অসমৰ ৰাইজটো বাদেই তেওঁলোকৰ বিভাগৰ আন আন বিষয়া কৰ্মচাৰীয়ে কিয় সেই ছবিখনৰ কথা গম নাপালে?” সংবাদমেলত ৰিহন দৈমাৰীক প্ৰশ্ন কৰে সচিব প্ৰধান গৰাকীয়ে।

ইয়াৰোপৰি, “মন্ত্ৰী ৰিহন দৈমাৰীৰ নেতৃত্বাধীন এই বিভাগটোৱে প্ৰতিটো আঁচনিতে কেনেদৰে লুণ্ঠন চলাইছে এই সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্ত মুখ্য মন্ত্ৰীয়ে কৰিব লাগে” বুলিও তেওঁ সংবাদমেলৰ জৰিয়তে দাবী উত্থাপন কৰে।

স্বাভাৱিকতে প্ৰশ্ন হয়, প্ৰডিজী কমিউনিকেশ্ব্যন আৰু আউটৰীচ্চ এডৱাৰ্টাইজিঙে ৪০ লক্ষাধিক টকা ব্যয় কৰি উলিওৱা চলচ্চিত্ৰখনৰ বিষয়ে কিয় উমান নাপায় বিভাগীয় কৰ্তৃপক্ষই?