NORTHEAST NOW (Assamese)
অসম

বিশ্বৰ আগত অসমক তুলি ধৰাৰ প্ৰয়াস এক সুন্দৰী অসমীয়া যুৱতীৰ

Posted by: এন ই নাও নিউজ May 14, 2019 2:43 pm
Jyotishmita-Baruah-1140x570

এফ বি বি কালাৰ্ছ ফেমিনা মিছ ইণ্ডিয়া ২০১৯ প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰা অসমৰ এগৰাকী যুৱতী জ্যোতিষ্মিতা বৰুৱাই য়ুটিউবত এটা ভিডিঅ’ৰ জৰিয়তে তেওঁৰ গৃহ ৰাজ্যখনক বিশ্বৰ সন্মুখত তুলি ধৰিছে।

কক্স এণ্ড কিং মিছ গেটৱে গডেছে প্ৰযোজনা কৰা ভিডিঅ’টোত ১৯ বছৰীয়া সুন্দৰী যুৱতীগৰাকীৰ জৰিয়তে ৰাজ্যখনৰ নিৰ্ভাৰ সৌন্দৰ্য আৰু আন আকৰ্ষণীয় স্থানসমূহৰ পৰিচয় দাঙি ধৰিছে।

অসমৰ পৰিচয় দাঙি ধৰা সেউজীয়া চাহ বাগিচাৰ পৰা আৰম্ভ কৰি বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে কামাখ্যা মন্দিৰৰ দৰে পৰ্যটকৰ আকৰ্ষণস্থলী সমূহ ভিডিঅ’টোত দাঙি ধৰা হৈছে।

ভিডিঅ’ টীম ধৃতিমান বড়ো, হাৰ্দিক কাশ্যপ আৰু অমল ৰয়ে পৰিকল্পনা তথা নিৰ্মাণ কৰা ভিডিঅ’টোত আহোম যুগৰ ৰাজকীয় ঐতিহাসিক ৰংঘৰকে ধৰি কীৰ্তিচিহ্নসমূহ সাৱলীল ৰূপত তুলি ধৰা হৈছে।

৫৬ সংখ্যক ফেমিনা মিছ ইণ্ডিয়া সৌন্দৰ্য প্ৰতিযোগিতাখন অহা ১৫ জুনত মুম্বাইৰ চৰ্দাৰ বল্লভ ভাই পেটেল ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আৰু অনুষ্ঠানটোৰ আঁত ধৰিব কৰণ জোহৰ আৰু ভিকি কৌশলে।

তামিলনাডুৰ অনুকৃতি ভাসে ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০১৯ৰ মুকুট পিন্ধিব। হাৰিয়ানাৰ মীনাক্ষী চৌধুৰী আৰু অন্ধ্ৰপ্ৰদেশৰ কামাৱৰাপুৰ শ্ৰেয়া ৰাওৱেও  অনুষ্ঠানটোৰ শেষত তেওঁলোকৰ উত্তৰসূৰীক বিজয় মুকুট পিন্ধাৱ।

ইয়াৰ পূৰ্বে জ্যোতিষ্মিতাৰ লগতে অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিমৰ বিজয়ীসকলক যোৱা ২৩ এপ্ৰিলত কলকাতাত অনুষ্ঠিত পূব মণ্ডল বিজয়ীসকলক মুকুট পিন্ধোৱা এক অনুষ্ঠানত বিজয় মুকুট পিন্ধোৱা হয়।

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে অডিশ্যন গুৱাহাটীৰ ভি কে ট্ৰেড চেন্টাৰত অনুষ্ঠিত হৈছিল।

জ্যোতিষ্মিতা বৰুৱা বিশ্বনাথ চাৰিআলিৰ যুৱতী আৰু তেওঁ গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে।