NORTHEAST NOW (Assamese)
অসম

অসমত পুনৰ ৫ গৰাকী আৰক্ষীৰ শৰীৰত ধৰা পৰিছে কোভিড১৯ পজিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 1, 2020 5:44 pm
COVID19-positive-1-1140x570-750x375-1

অসমত পুনৰ আৰু ৫ গৰাকী আৰক্ষীৰ শৰীৰত ধৰা পৰিছে কোভিড১৯ পজিটিভ।

ক’ৰ’নাত আক্ৰান্ত আৰক্ষীকেইজন ধুবুৰীৰ মানকাচাৰ আৰু কামৰূপ গ্ৰাম্য জিলাৰ ৰঙিয়াৰ বুলি জানিব পৰা গৈছে।

মানকাচাৰ আৰক্ষী থানাৰ ২ গৰাকী আৰু দক্ষিণ শালমৰা আৰক্ষী থানাৰ এগৰাকী বুলি আৰক্ষী লোক আক্ৰান্ত  হৈছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

আৰক্ষী সূত্ৰৰ মতে মানকাচাৰৰ আৰক্ষী লোক দুজন এগৰাকী চাহ দোকানীৰ পৰা কোভিড১৯ত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে।

ইতিমধ্যে আক্ৰান্ত আৰক্ষীৰ লোককেইজনক সাতশিঙিমাৰী কোভিড হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

ইফালে ৰঙিয়াত এগৰাকী আৰক্ষী বিষয়া আৰু এপিটিএফ জোৱান কোভিড১৯ত আক্ৰান্ত হৈছে।

তেওঁলোকক মিৰ্জাস্থিত পতঞ্জলি কোভিড হাস্পতালত ভৰ্তি কৰোৱা হৈছে।