NORTHEAST NOW (Assamese)
অসম

স্বাধীনতা দিৱসতে ঘোষণা কৰক অসম চুক্তি কাৰ্য্যকৰীকৰণৰ কাৰ্য্যসূচী: মোদীলৈ আছু

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 14, 2019 9:48 pm
Assam Accord: AASU appeals PM Modi

ভাৰতৰ ৭৩সংখ্যক স্বাধীনতা দিৱসতে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম চুক্তি কাৰ্য্যকৰীকৰণৰ সময় নিৰ্ধাৰিত কাৰ্য্যসূচী ঘোষণা কৰাটো বিচাৰিছে সদৌ অসম ছাত্ৰ সন্থাই।

প্ৰধান মন্ত্ৰী মোদীৰ প্ৰতি এই আহ্বান জনাইছে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

১৯৮৫ চনৰ স্বাধীনতা দিৱস উদযাপনত তদানীন্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীয়ে লালকিলাৰ পৰা দেশক সম্বুধি দিয়া ভাষণত অসম চুক্তিৰ কথা সদৰী কৰাৰ দৰেই নৰেন্দ্ৰ মোদীয়েও কৰক এই কাম, আছুৰ আশা।

“ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সময়ত কাইলৈ দেশৰ প্ৰধান মন্ত্ৰী আৰু অসমৰ মুখ্য মন্ত্ৰীয়ে অসম চুক্তিৰ প্ৰত্যেকটো দফা কিমান দিনৰ ভিতৰত কাৰ্য্যকৰী হ’ব, সেই সম্পৰ্কত সময় নিৰ্ধাৰিত কাৰ্য্যসূচী ঘোষণা কৰিবলৈ আহ্বান জনাইছো,” উজানবজাৰৰ শ্বহীদ ন্যাসত সংবাদমেলত মন্তব্য ভট্টাচাৰ্য্যৰ।

যোৱা ৩৪ বছৰে সকলো দলৰে চৰকাৰে শাসন চলোৱাৰ পিছতো অসম চুক্তিৰ ফল “শূন্য” হৈ থকা বুলি উল্লেখ কৰি ভট্টাচাৰ্য্যই কয় যে চহিদৰ ত্যাগক আৰু অথলে যাব দিব নোৱাৰি।

“যোৱা ৩৪ বছৰে সকলো দলৰে চৰকাৰ শাসনত আছিল। কিন্তু কোনো দলৰ চৰকাৰেই জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থানীয় সমাধান কৰাৰ বাবে পদক্ষেপ নল’লে। যোৱা ৩৪ বছৰে বিদেশী চিনাক্তকৰণ নহ’ল, ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন নহ’ল, বহিষ্কাৰ নহ’ল। বাংলাদেশী অহা বাটটো ভাৰত-বাংলাদেশ সীমান্ত চীল নহ’ল। অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষাকবচ প্ৰদান কৰা নহ’ল। অসমৰ বাবে অৰ্থনৈতিক বিকাশৰ ব্যৱস্থা লোৱা নহ’ল। জনজাতীয় বেল্ট-ব্লক-সত্ৰৰ মাটি সুৰক্ষিত নহ’ল। আনকি অশোক কাগজ কলটোও মুকলি কৰা নহ’ল। এইটোৱেই বাস্তৱ প্ৰতিচ্ছবি,” ভট্টাচাৰ্য্যৰ মত।

আশ্বাস-প্ৰতিশ্ৰুতিয়ে “আমাক আশ্বস্ত কৰিব নোৱাৰে” বুলিও ভট্টাচাৰ্য্যই উল্লেখ কৰে।