NORTHEAST NOW (Assamese)
অসম

অসম চুক্তি আৰু এন আৰ চি ‘‘অভিশাপ”: “উত্তৰ-পূব ৰক্ষা দিৱস’’ৰ বাৰ্তা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 14, 2019 8:56 pm
''Assam Accord and NRC Curse'': ''Save Northeast Day'' Message from Jatiyatabad Punar Nirman Samiti

অসম চুক্তি আৰু ইয়াৰ আধাৰত প্ৰস্তুত এন আৰ চি “অভিশাপ”। এই বাৰ্তাৰে বুধবাৰে “উত্তৰ-পূব ৰক্ষা দিৱস” উদযাপন কৰিছে জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিয়ে।

“আন্দোলনৰ পৰিণতি অসম চুক্তি পৃথিৱীৰ সৰ্ববৃহৎ বিশ্বাসঘাটকতাৰ দলিল। অসমৰ ৮৫৫জন চহিদৰ ত্যাগক ভৰিৰে মোহাৰি নিজৰ স্বাৰ্থসিদ্ধিৰ কাৰণে কিছুসংখ্যকে অসম চুক্তি স্বাক্ষৰ কৰিছিল। এই অসম চুক্তি যিদৰে আমাৰ বাবে অভিশাপ, সেই চুক্তিৰ ভিত্তিতে প্ৰস্তুত কৰা এন আৰ চিও আমাৰ বাবে অভিশাপ,” গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত অনুষ্ঠানত মন্তব্য সংগঠনটোৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যৰ।

১৯৭১ চনক অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ কৰাৰ বিৰোধিতা কৰি ১৯৮৪ চনৰ ১৪ আগষ্টত অধুনালুপ্ত পূৰ্বাঞ্চলীয় লোক পৰিষদ (পি এল পি)এ “উত্তৰ-পূব বন্ধ” দিছিল।

সমগ্ৰ উত্তৰ-পূবত সেই বন্ধই সমৰ্থন পোৱা বুলি উল্লেখ কৰি বৈশ্যই কয় যে বন্ধ সমৰ্থনকাৰী নাগা ডেমক্ৰেটিক ফ’ৰামৰ দুজন সমৰ্থক ডিমাপুৰত গুলীবিদ্ধ হৈছিল।

প্ৰতিবাদৰ দিনটোৰ প্ৰেৰণাৰেই পি এল পিৰ অনুগামীসকলে গঠন কৰা সংগঠনটোৱে এই “উত্তৰ-পূব ৰক্ষা দিৱস” অনুষ্ঠিত কৰি আহিছে। “লক্ষ্য আৰু উদ্দেশ্য তাহানিৰ দৰে উত্তৰ-পূবৰ সংহতি অটুট ৰখা,” বৈশ্যই জনায়।

পি এল পিৰ নীতি-আদৰ্শৰেই সংগঠনটোৱে উত্তৰ-পূৰ্বাঞ্চলক ঐক্যবদ্ধ কৰাৰ চেষ্টা কৰিব বুলি সদৰী কৰি বৈশ্যই কয় যে অসম আন্দোলনত লোক পৰিষদ আৰু নিবাৰণ বৰাৰ ভূমিকা ঢাকি ৰখা হৈছে।

“নিবাৰণ বৰাই সদৌ অসম ছাত্ৰ সন্থাক টানি আনি (আন্দোলনত) যোগদান কৰাইছিল। অসম গণ সংগ্ৰাম পৰিষদৰ একাংশ নেতাই দিল্লীৰ ষড়যন্ত্ৰৰ জালত ভৰি দি অসমৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছিল। একাংশই সু-পৰিকল্পিতভাৱে অসম আন্দোলনৰ ক্ষেত্ৰত পি এল পি আৰু নিবাৰণ বৰাক ঢাকি ৰাখিবৰ কাৰণে যত্ন কৰিছিল,” নিবাৰণ বৰাক বাদ দি অসম আন্দোলন সম্ভৱেই নহয় বুলি উল্লেখ কৰি বৈশ্যই কয়।

বৈশ্যই আৰু কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ সংহতিৰ জৰীডাল কটকটীয়া হোৱাহেঁতেন অসমৰ লগতে অঞ্চলটোৰ ৰাইজ বিদেশী বহিষ্কাৰৰ ছবিখনৰ “দুৰ্ভগীয়া দৰ্শক” হ’বলগীয়া নহ’লহেঁতেন।

“আমি আকৌ নল মৰি গজালি ওলোৱাৰ দৰে পি এল পিৰ নীতি-আদৰ্শৰ ভিত্তিত উত্তৰ-পূবৰ সংহতিৰ যাত্ৰা আৰম্ভ কৰিম। ইতিমধ্যে মণিপুৰ পিপলছ পাৰ্টি চমুকৈ এম পি পিৰ সৈতে কথা পতা হৈছে,” পৰৱৰ্তী “উত্তৰ-পূব দিৱস” মণিপুৰত অনুষ্ঠিত কৰা হ’ব বুলি সদৰী কৰি বৈশ্যই জনায়।

সভাত আলোচনাৰত আলফা নেতা প্ৰদীপ গগৈ আৰু মৃণাল হাজৰিকা, অধিবক্তা জোনমণি দেৱী খাউণ্ড, অগপ তথা সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন নেতা চৰণ ডেকা, অসম সংগ্ৰামী মঞ্চৰ সাধাৰণ সম্পাদক সমৰজ্যোতি বেজবৰুৱাও উপস্থিত আছিল।