NORTHEAST NOW (Assamese)
অসম

খোদ দলীয় কৰ্মীকে কংগ্ৰেছ, আপৰ এজেন্ট সজালে অতুল বাহিনীয়ে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 19, 2019 10:38 pm

অগপৰ নেতৃত্বই বিজেপিৰে মিত্ৰতা কৰাক সহজভাৱে ল’ব নোৱাৰি যোৱা ১৬ মাৰ্চত অগপৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ অহা দলটোৰ তৃণমূল কৰ্মীকে কংগ্ৰেছী আৰু আপৰ কৰ্মী সজালে অতুল বৰাৰ সমৰ্থক তথা মিত্ৰতাৰ পক্ষত একাংশ নেতা-কৰ্মীয়ে।

উল্লেখযোগ্য যে ১৬ মাৰ্চৰ দিনা জাগীৰোড সমষ্টিৰ অন্তৰ্গত মৰিগাঁও জিলাৰ ৫ গৰাকী অগপ কৰ্মীয়ে গুৱাহাটীৰ স্থানীয় কেইগৰাকীমান মহিলা-পুৰুষৰ সহযোগত অগপ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ আহিছিল। মৰিগাঁৱৰ অগপ কৰ্মীকেইগৰাকী হৈছে ক্ৰমে প্ৰদীপ ডেকা, চিদাম দেউৰী, ইছমাইল হুছেইন, প্ৰেমা ডেকা। অৱশ্যে আন এজন অগপ কৰ্মীৰ নাম এইপৰ্যন্ত জানিব পৰা হোৱা নাই।

আনহাতে তেওঁলোকৰ সৈতে প্ৰতিবাদত অংশগ্ৰহণৰ বাবে যোৱা মহানগৰীৰে তিনিগৰাকী মহিলা ক্ৰমে কৃষ্ণা শৰ্মা, নম্ৰতা শৰ্মা আৰু অদিতি কলিতাকো কংগ্ৰেছৰ দালাল, কৃষক মুক্তি আৰু আম-আদমী পাৰ্টীৰ সমৰ্থক বুলি অগপ নেতাই অভিযোগ আনিছিল।

সেয়েহে আজি গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদ মাধ্যমৰ জৰিয়তে মহিলা কেইগৰাকীয়ে তেওঁলোক কোনো ৰাজনৈতিক দল অথবা সংগঠনৰ সমৰ্থক বা সদস্য নহয় বুলি স্পষ্টীকৰণ দিয়ে।

তেওঁলোকৰ মাজৰ নম্ৰতা শৰ্মাই সংবাদমাধ্যমৰ আগত কয়, ‘আমি কোনো ৰাজনৈতিক দলৰ সমৰ্থক নহয়। আমাক অসম গণ পৰিষদৰ নেতৃত্বই মিছা অপবাদ জাপি দিব বিচাৰিছে।‘

ইপিনে, অসম গণ পৰিষদৰ লগত খিলঞ্জীয়া লোকৰ আবেদ অনুভূতি জৰিত থকা বুলি দাবী তেওঁ কয় ‘এই দল ৮৫৫ জন যুৱকৰ তেজৰ বিনিময়ত গঠিত হোৱা অসমৰ এটা ৰাজনৈতিক দল। যাৰ বাবে আমি অগপ-বিজেপিৰ মিত্ৰতা বিৰোধিতা কৰিছো।‘

তদুপৰি বিজেপিৰ দৰে এটা সাম্প্ৰদায়িক ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰতা কৰি অগপই নিৰ্বাচন খেলাটো তেওঁলোকে কেতিয়াও মানি ল’ব নোৱাৰে বুলিও সংবাদমাধ্যমৰ আগত মন্তব্য কৰে।

আনহাতে কৃষ্ণা শৰ্মা নামৰ মহিলাগৰাকীয়ে ‘অগপ অতুল বৰা, কেশৱ মহন্ত নাইবা মুষ্ঠিমেয় কেইজনমান নেতাৰ পৈতৃক সম্পত্তি নহয় যে তেওঁলোকৰ যেতিয়াই মন যাব অগপক ব্যৱহাৰ কৰিব’ বুলি কয়।

তেওঁ আৰু কয় ‘বিজেপি দলটোৰ অসমীয়া জনসাধাৰণৰ প্ৰতি কোনো দায়বদ্ধতা নাই। সেয়েহে এই দলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ হৈ ওকালতি কৰে আৰু অসমৰ ৰাইজৰ ওপৰত এই জাতিধ্বংশী বিধেয়কখন জাপি দি যি ষড়যন্ত্ৰ কৰিছে সেই দলৰ সৈতে অগপ কিয় চামিল হ’ল?’

মহিলা কেইগৰাকীয়ে তেওঁলোকক মিছা অপবাদেৰে কংগ্ৰেছী সজাব খোজা  তোলে।