Home › অসম কাইলৈ ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল May 8, 2024 9:29 pm · এন ই নাও নিউজ, গুৱাহাটী বুধবাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে বৃহস্পতিবাৰে (৯ মে’) উচ্চতৰ মাধ্যমিক (এইচ এছ) পৰীক্ষাৰ ফলাফল অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে কৰিব৷ উল্লেখ্য যে ৰাজ্যজুৰি মুঠ ২,৮০,২১৬ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল।ইয়াৰে ১,৩৯,৪৮৬জন পুৰুষ আৰু ১,৪২,৭৩২গৰাকী মহিলা পৰীক্ষাৰ্থী।ইয়াৰে ২,০৬,৪৬৭ জন ছাত্ৰ-ছাত্ৰী কলা শাখাৰ, ৫৪,২৮৭ জন বিজ্ঞান শাখাৰ, আৰু ১৭,৫৮২ জন বাণিজ্য শাখাৰ৷স্মৰ্তব্য যে,যোৱা মাহত এইচ এছ এল চি পৰীক্ষাৰ ফলাফল ছেবাই ঘোষণা কৰিছিল। অৱশ্যে এইখিনিতে উল্লেখ কৰিব লাগিব যে এইচ এছ এল চি পৰীক্ষাৰ ফলাফল ঘোষণা সন্দৰ্ভত ছ’চিয়েল মিডিয়াত পৰস্পৰ বিৰোধী পোষ্টেৰে বিভ্ৰান্তিৰ সৃষ্টি কৰি ছাত্ৰ-ছাত্ৰী, অভিভাৱক, আৰু জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ অভিযোগত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়। শিক্ষামন্ত্ৰীগৰাকীয়ে নিজৰ অফিচিয়েল এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলত পোষ্ট কৰি লিখিছে, ‘অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে কাইলৈ পুৱা ৯ বজাত এইচ এছ পৰীক্ষাৰ ফলাফল-২০২৪ ঘোষণা কৰিব। পুৱা ৭ বজাত জাৰি কৰা হ’ব চৰকাৰী প্ৰেছ বিজ্ঞপ্তি। সকলো পৰীক্ষাৰ্থীলৈ শুভেচ্ছা।” ‹ অৱশেষত উদ্ধাৰ হ’ল মাৰাডোনাৰ হেৰোৱা সোণালী বলটো!… IPL 2024: ১০ অভাৰতে ১৬০ ৰান অতিক্ৰম… › Related Newsনিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰJuly 30, 2026 11:25 am · এন ই নাও নিউজ, গুৱাহাটীউচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতাJuly 30, 2026 9:47 am · এন ই নাও নিউজ, গুৱাহাটীকমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিতJuly 30, 2026 8:52 am · এন ই নাও নিউজ, গুৱাহাটীবানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰJuly 30, 2026 7:00 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীতJuly 29, 2026 9:25 pm · এন ই নাও নিউজ, গুৱাহাটী