NORTHEAST NOW (Assamese)

চন্দ্ৰযান-২য়ে গ্ৰহণ কৰা প্ৰথম চন্দ্ৰৰ ছবিয়ে বিশ্বৰ লগতে অসমতো সৃষ্টি কৰিছে কৌতূহলৰ

August 23, 2019 2:16 pm · এন ই নাও নিউজ
Updated: August 23, 2019 3:09 pm
ফটো : ইছৰোৰ টুইটাৰৰ সৌজন্যত

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো)চন্দ্ৰযান-২য়ে তোলা চন্দ্ৰৰ প্ৰথম ছবি বৃহস্পতিবাৰে মুকলি কৰিছে।

বাতৰি অনুসৰি, মহাকাশ সংস্থাটোৱে জানিব দিছে যে ছবিখন চন্দ্ৰপৃষ্ঠৰ পৰা প্ৰায় ২,৬৫০ কিলোমিটাৰ উচ্চতাৰ পৰা লোৱা হৈছে।

সংস্থাটোৱে ছবিখনৰ জৰিয়তে চন্দ্ৰৰ দুটা গুৰুত্বপূৰ্ণ চিহ্ন –এপল’ ক্ৰেটাৰ আৰু মেয়াৰ অ’ৰিয়েণ্টেল বেছিন চিনাক্ত কৰিছে।

ইছৰোৱে ইয়াৰ অ’ফিচিয়েল টুইটাৰত ছবিখন মুকলি কৰি লিখিছে :

‘ চন্দ্ৰযান২য়ে তোলা চন্দ্ৰৰ প্ৰথমখন ছবিখন এবাৰ চকু ফুৰাই চাওক। ২১ আগষ্ট, ২০১৯’ তাৰিখে বিক্ৰম লেণ্ডাৰে চন্দ্ৰপৃষ্ঠৰ পৰা প্ৰায় ২,৬৫০ কিলোমিটাৰ উচ্চতাৰ পৰা ছবিখন তুলিছে।

 মেয়াৰ অ’ৰিয়েণ্টেল বেছিন আৰু এপল’ ক্ৰেটাৰ ছবিখনত চিনাক্ত কৰা হৈছে।‘

নেশ্যনেল এৰোনেটিকছ এণ্ড স্পেছ এডমিনিষ্ট্ৰেশ্যনে কয় যে এইটো এটা আটাইতকৈ বৃহৎপৰিসৰৰ চন্দ্ৰৰ আকৰ্ষণীয় বৈশিষ্ট আছিল।

মঙলবাৰে, ভাৰতৰ দ্বিতীয়টো চন্দ্ৰ অভিযান, চন্দ্ৰযান-২ সফলতাৰে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল।

মহাকাশযান খনে অহা ৭ ছেপ্টেম্বৰত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ সম্ভাৱনা আছে।

ইছৰোৰ অধ্যক্ষ কে ছিভনে কৈছিল যে অহা ২ ছেপ্টেম্বৰত পৰৱৰ্তী প্ৰধান পৰিঘটনাটো সংঘটিত হ’ব। সেইদিনা বিক্ৰম নামৰ যানখন উপগ্ৰহটোৰ পৰা বিছিন্ন হৈ এলানি জটিল অধ্যয়নৰ বাবে  বাবে প্ৰৱেশ কৰিব।

চলিত মাহৰ আৰম্ভণিত ইছৰোৱে চন্দ্ৰযান-২য়ে তোলা পৃথিৱীৰ পাঁচখন চিত্ৰ মুকলি কৰিছিল।

অভিযানটো সফল হ’লে, চন্দ্ৰত এক সফল অৱতৰণ কৰাত সক্ষম হোৱা আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু চীনৰ পাছত ভাৰত হ’ব চতুৰ্থখন দেশ।

চন্দ্ৰযান-২ৰ সফল উৎক্ষেপণৰ বাবে অহোপুৰুষাৰ্থ কৰা দলটোৰ মাজত  অসমৰ তিনিগৰাকী বিজ্ঞানী জিতেন্দ্ৰ নাথ গোস্বামী, দীপক কুমাৰ দাস আৰু হিদম ৰাজীৱ সিং অন্যতম।

জ্যোতিৰ্বিজ্ঞানী জিতেন্দ্ৰ নাথ গোস্বামী চন্দ্ৰযান-২ অভিযানৰ বাবে গঠিত পৰামৰ্শদাতা কমিটিৰ অধ্যক্ষ।

দীপক কুমাৰ দাস ইছৰোৰ স্পেছ এপ্লিকেশ্যন চেণ্টাৰৰ সঞ্চালক।

Related News