NORTHEAST NOW (Assamese)
অসম

অসম-মেঘালয়ৰ যৌথ অভিযানত বৰাপানীত জব্দ অবৈধ সুৰাৰ কাৰখানা

Posted by: এন ই নাউ নিউজ, গুৱাহাটী Updated by: এন ই নাউ নিউজ, গুৱাহাটী March 4, 2025 1:09 pm

অসম আৰু মেঘালয় আবকাৰী বিভাগৰ বিষয়াই যৌথ অভিযান চলাই বৃহৎ পৰিমাণৰ সুৰা আৰু অন্যান্য সামগ্ৰী জব্দ কৰাৰ লগতে মেঘালয়ৰ বৰাপানীত এটা অবৈধ সুৰা প্ৰস্তুতকাৰী ইউনিট জব্দ কৰে।

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত অসমৰ আবকাৰী বিভাগৰ এগৰাকী বিষয়াই কয় যে ২ মাৰ্চত বাৰাপানীত অৱস্থিত অবৈধ সুৰা প্ৰস্তুতকাৰী ইউনিটৰ পৰা জি এছ ৰোড হৈ অসম অভিমুখে অসমৰ পঞ্জীয়ন নম্বৰ থকা এখন ট্ৰাক ওলাই আহিছিল। গোপন তথ্যৰ ভিত্তিত কামৰূপ মেট্ৰ’ আবকাৰী বিভাগৰ এটা দলে খানাপাৰাত ট্ৰাকখন আটক কৰি তালাচী চলায়।

সোধা-পোছাত চালকজনে স্বীকাৰ কৰে যে মেঘালয়ৰ বাৰাপানীত এটা অবৈধ সুৰা উৎপাদন ইউনিট আছিল। অভিযানকাৰী দলটোৱে তাৰ পৰা ৩০০০ৰো অধিক আই এম এফ এলৰ বাকচ, ব্লেণ্ডিং ভেট, ই এন এ ভেট, ৰটাৰী কেপিং মেচিন, প্ৰডাকচন লাইন, আই এম এফ এলৰ বিভিন্ন ব্ৰেণ্ডৰ লেবেল, ফ্লেভাৰিং এজেণ্ট, ৰং কৰা এজেণ্ট, বিভিন্ন ব্ৰেণ্ডৰ খালী বটল, অসম আৰু মেঘালয়ৰ হ’ল’গ্ৰাম জব্দ কৰে। বিষয়াগৰাকীয়ে কয় যে এতিয়া বিষয়টো মেঘালয় আবকাৰী দলৰ হাতত অৰ্পণ কৰা হৈছে।