NORTHEAST NOW (Assamese)
অসম

নৰ্থ-ইষ্ট ফুটছাল লীগত অসম আৰু মিজোৰামৰ জয়লাভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 30, 2019 7:54 pm
Footsal

গুৱাহাটীৰ সৰুসজাইস্থিত নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত চলি থকা নৰ্থ-ইষ্ট ফুটছাল লীগৰ শুকুৰবাৰৰ এখন খেলত অসম টাইটানছে অৰুণাচল প্ৰদেশ হাইলেণ্ডাৰৰ বিৰুদ্ধে ২-১ গলৰ ব্যৱধানত জয়লাভ কৰি ফাইনেলত উপনীত হয়।

সমগ্ৰ লীগতে অনবদ্য প্ৰদৰ্শন দাঙি ধৰা অক্লান্ত বসুমতাৰী আৰু মনোজ ছেত্ৰীয়ে ঘৰুৱা দল অসমৰ হৈ এটাকৈ গ’ল দিয়াৰ বিপৰীতে অৰুণাচলৰ হৈ একমাত্ৰ গ’লটো পৰিষোধ কৰে টাবাই।

আনহাতে, দ্বিতীয়খন খেলত মিজোৰামে অপৰাজেয় ধাৰা অব্যাহত ৰাখি দমনীয় প্ৰদৰ্শনেৰে নাগালেণ্ড ছুপাৰক ৩-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।

মিজোৰামৰ হৈ লালৰিংছাংগাই দৰ্শনীয় প্ৰদৰ্শনেৰে দুটা আৰু এনেলে এটা গ’ল দিয়ে।

উল্লেখযোগ্য যে, প্ৰথমবাৰৰ বাবে আয়োজিত নৰ্থ-ইষ্ট ফুটছাল লীগৰ বহু প্ৰতিক্ষিত ফাইনেল খেলখন শনিবাৰে সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত হ’ব।