NORTHEAST NOW (Assamese)
অসম

আজি সামৰণি পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ : কিমান গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 25, 2021 10:38 am
ExP4lp-W8AYxAn_

অসম বিধানসভা ২০২১ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ নিৰ্বাচনী প্ৰচাৰ আজি সন্ধিয়া সামৰণি পৰিব।

নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুসৰি ভোটগ্ৰহণৰ ৪৮ ঘণ্টাৰ পূৰ্বে সমষ্টিসমূহত নিৰ্বাচনী প্ৰচাৰ অভিযান সমাপ্ত কৰিব লাগিব।

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ১২৬ টা বিধানসভা সমষ্টিবিশিষ্ট ৰাজ্যখনৰ উজনিৰ ১২খন জিলাৰ ৪৭ টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

“অসম বিধানসভাৰ ২৭ মাৰ্চত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া ৪৭ টা বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ ২৫ মাৰ্চৰ সন্ধিয়া ৬ বজাত সামৰণি পৰিব।” নিৰ্বাচন আয়োগে এইদৰে কয়।

নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি সন্ধিয়া ৬ বজাৰ পৰা কোনো ব্যক্তিয়ে সভা সমিটি সম্বোধন কৰাৰ লগতে সমদল, শোভাযাত্ৰা আদি উলিয়াব নোৱাৰিব। দূৰদৰ্শন বা অন্য কোনো মাধ্যমৰ যোগেদি নিৰ্বাচনী প্ৰচাৰ কৰিব নোৱাৰিব।

ভোটগ্ৰহণ সমাপ্ত হোৱাৰ ৪৮ ঘণ্টাৰ ভিতৰত যিকোনো সময়তে প্ৰিণ্ট, ইলেক্ট্ৰনিক বা আন যিকোনো মাধ্যমৰ দ্বাৰা কৰা নিৰ্বাচনৰ এক্সিট বা অপিনিয়ন প’ল প্ৰকাশ বা প্ৰচাৰ কৰিব নোৱাৰিব বুলি নিৰ্বাচন আয়োগে নিৰ্দেশ দিছে।

এই নিষেধাজ্ঞা এটা বা একাধিক পৰ্যায়ৰ ভোটগ্ৰহণ শেষ নোহোৱা পৰ্যন্ত কাৰ্যকৰী হোৱাৰ লগতে নিৰ্বাচন আয়োগে একেলগে নিৰ্বাচন অনুষ্ঠিত কৰা সকলো ৰাজ্যৰ বাবে জাৰি কৰা অধিসূচনাৰ সৈতে সমাপ্ত হ’ব বুলি প্ৰকাশ কৰিছে নিৰ্বাচন আয়োগে।

ইফালে এই নিৰ্দেশসমূহ অমান্য কৰাসকলে জৰিমনা বা দুবছৰ পৰ্যন্ত কাৰাবাস অথবা জৰিমনাসহ কাৰাবাসৰ শাস্তি ভোগ কৰিব লাগিব।

“এই বিধিসমূহ ভংগ কৰিলে জৰিমনা ভৰাৰ লগতে দুবছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব অথবা দুয়োটাই একেলগে ভোগ কৰিব লাগিব।” নিৰ্বাচন আয়োগে কয়।

জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ১২৬ত প্ৰণয়ন কৰা বিধানৰ অধীনত নিৰ্বাচন আয়োগে নিৰ্দেশনা জাৰি কৰা বুলি আয়োগে জনাইছে।

উল্লেখ্য যে অসম বিধানসভা নিৰ্বাচন ২০২১ৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত সৰ্বমুঠ ৮১,০৯,৮১৫ গৰাকী ভোটাৰে ৪৭ টা সমষ্টিৰ ২৬৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।

৮১,০৯,৮১৯ গৰাকী ভোটাৰ মাজত ৪০,৭৭,২১০ গৰাকী পুৰুষ, ৪০,৩২,৪৮১ গৰাকী মহিলা আৰু ১২৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে।