NORTHEAST NOW (Assamese)

ডিজিটেলাইজড কৰি তোলা হ’ব অসম বিধানসভাৰ কাম-কাজ

December 18, 2018 11:02 am · এন ই নাও নিউজ
অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী। ফাইল ফটো

পেপাৰলেছ হ’ব অসম বিধানসভা। অৰ্থাৎ বিধানসভাৰ কাম-কাজত কাগজৰ ব্যৱহাৰ বন্ধ হৈ পৰিব। ইয়াৰ পৰিৱৰ্তে বিধানসভাৰ কাম-কাজ তথা কাৰ্যসূচীসমূহ বিধানসভা সচিবালয়ে ডিজিটেলাইজড কৰাৰ বাবে সাজু হৈছে। অসম বিধানসভাক পেপাৰলেছ কৰি তোলাৰ বাবে চলোৱা এই প্ৰচেষ্টাৰ কথা ঘোষণা কৰিছে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে।

সোমবাৰে এখন সংবাদমেলত অধ্যক্ষ গোস্বামীয়ে কয় যে হিমাচল, উত্তৰ প্ৰদেশ, ছিকিম, কৰ্ণাটক আদি কেইবাখনো ৰাজ্যত বিধানসভাক পেপাৰলেছ কৰি তোলা হৈছে। দেশৰ ৰাজ্যসমূহৰ বিধানসভাক পেপাৰলেছ কৰি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰে ৭৪৪ কোটি টকা ধাৰ্য কৰিছে। এই পুঁজিৰ অংশ অসমেও পাব।

অধ্যক্ষ গোস্বামীয়ে লগতে জানিব দিয়ে যে দুই বছৰৰ ভিতৰত বিধানসভাক পেপাৰলেছ কৰি তোলাৰ চেষ্টা চলোৱা হ’ব। অধ্যক্ষ গোস্বামীয়ে এই ব্যৱস্থাৰ দ্বাৰা গণতন্ত্ৰ অধিক শক্তিশালী হ’ব বুলি উল্লেখ কৰে।

তেওঁ কয় যে বিধানসভাত হোৱা বিতৰ্ক তথা আলোচনা, প্ৰশ্নোত্তৰ, বিধেয়ক আদি ৰাইজে চাব পাৰিব। পেপাৰলেছ বিধানসভাৰ ৰূপ দিয়াৰ বাবে গ্ৰহণ কৰা প্ৰকল্পটো এন আই চিয়ে প্ৰস্তুত কৰাৰ কথাও  গোস্বামীয়ে জানিবলৈ দিয়ে।

Related News