NORTHEAST NOW (Assamese)
অসম

২৪ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’ব অসম বিধানসভাৰ অধিৱেশন

Posted by: এন ই নাও নিউজ August 25, 2018 7:26 am
অসম বিধানসভা

অহা ২৪ ছেন্টেম্বৰৰ পৰা অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হ’ব। পৰম্পৰা অনুসৰি এইবাৰ জুলাই-আগষ্ট মাহত বহিবলগীয়া গ্ৰীষ্মকালীন অধিৱেশনখন বিভিন্ন কাৰণত অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবে অহা ২৪ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত কৰা হ’ব। ইতিমধ্যে ৰাজ্যপালে এই অধিৱেশন আহ্বান কৰি জাননী জাৰি কৰিছে।

অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে সদন বহাৰ সময়সূচীত ১৫ জুলাইৰ পৰা ১৫ আগষ্টৰ ভিতৰত গ্ৰীষ্মকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ ৰাখিছিল।

এইবাৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ, নাগৰিকত্ব সংশোধনী বিধেয়ক আদি বিষয়সমূহে পৰিস্থিতি উত্তপ্ত কৰি ৰখাৰ বাবে উক্ত সময়ছোৱাত গ্ৰীষ্মকালীন অধিৱেশনখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত চৰকাৰে সন্মতি জনোৱা নাছিল। এই স্পৰ্শকাতৰ তথা বিতৰ্কিত বিষয়বোৰে ৰাজ্যখনৰ জনসাধাৰণৰ লগতে ৰাজনৈতিক মহলতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

আনহাতে, আগন্তুক অধিৱেশনতো এই বিষয়সমূহে সদন উত্তাল কৰি ৰখাৰ সম্ভৱনা আছে। বিশেষকৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পিছত সৃষ্টি হোৱা পৰিস্থিতিসমূহৰ উত্থাপন কৰিবলৈ বিৰোধী পক্ষ সাজু হৈ আছে বুলি জানিব পৰা গৈছে।