NORTHEAST NOW (Assamese)
অসম

পুনৰ অসম বন্ধ মোদী অহাৰ সময়তে!

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 5, 2019 10:58 pm
assam Bandh

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমাগত অসম ভ্ৰমণৰ দিনাই শনিবাৰে অসম বন্ধ আহ্বান কৰিছে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাই।

জানিব পৰা মতে নাগৰিকত্ব বিধেয়ক বাতিল আৰু নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰি অসমৰ ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণৰ দাবীত এই ১২ ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰিছে টাই আহোম সংগঠনটোৱে।

প্ৰধান মন্ত্ৰীজনে উক্ত দিনা চাংসাৰিত নতুনকৈ স্থাপন কৰিবলৈ লোৱা এইমছৰ ভূমি পূজন অনুষ্ঠানত ভাগ লৈ জনসভাত অংশগ্ৰহণ কৰাৰ কথা।

ইয়াৰ পাছতে গুৱাহাটী আৰু উত্তৰ-গুৱাহাটী সংযোগী ২১৮৭ কোটি টকা ব্যয় সাপেক্ষ চাৰিলে’নযুক্ত দলঙৰ আধাৰশিলা স্থাপন কৰি গহপুৰত আন এক কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধান মন্ত্ৰীগৰাকীয়ে।

অসম ভ্ৰমণৰ পিছতে মোদী পোনে পোনে ত্ৰিপুৰালৈ উৰা মাৰিব।