NORTHEAST NOW (Assamese)

অসম বন্ধত গুৱাহাটীত স্তব্ধ জনজীৱন : তিনিজন প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ

October 23, 2018 9:27 am · কল্পজ্যোতি শইকীয়া
Updated: October 23, 2018 9:56 am
গুৱাহাটীত বন্ধৰ প্ৰভাৱ। ফটো : নৰ্থইষ্ট নাও

গুৱাহাটী মহানগৰীতো নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ ৰ বিৰোধিতাৰে প্ৰায় ৬০ টা জাতীয়-জনগোষ্ঠীয় সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে।

দুই এখন ব্যক্তিগত বাহনৰ বাদে মহানগৰীৰ ৰাজপথত চলাচল কৰা নাই কোনো চিটি বাছ। অৱশ্যে বৰ্তমানলৈকে পৰিবহন নিগমৰ চিটি বাছসমূহ মাজে মাজে চলি আছে। ইয়াৰ লগতে অটো কিছুমান চলাচল কৰি থকা দেখা গৈছে।

ইপিনে, চিটি বাছৰ চলাচল বন্ধ থকাত যাত্ৰীসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। মহানগৰীৰত কেব অপাৰেটৰ সন্থাই অ’লা অবেৰৰ চলাচলো বন্ধ ৰাখিছে।

গুৱাহাটীত বন্ধৰ প্ৰভাৱ। ফটো : নৰ্থইষ্ট নাও

মহানগৰীৰ প্ৰায় সকলোবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান বৰ্তমান বন্ধ ৰখা হৈছে।

আনহাতে, মহানগৰীৰো বিভিন্ন স্থানত বন্ধ সমৰ্থকে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে। গড়চুক, আই এছ বি টিত টায়াৰ জ্বলাই বাহন চলাচলত বাধা প্ৰদান কৰিছে বন্ধ সমৰ্থকে। সৰুসজাইতো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

নাৰেংগীৰ ৰাজপথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যই প্ৰতিবাদ সাৱ্যস্ত কৰিছে। আনহাতে, বৰবাৰীতো বন্ধ সমৰ্থকসকলে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাৱ্যস্ত কৰিছে।

আনহাতে, মহানগৰীৰ বেলতলাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰা অৱস্থাত তিনিজন বন্ধ সমৰ্থকক বশিষ্ঠ আৰক্ষীয়ে আটক কৰে। বশিষ্ঠ আৰক্ষীয়ে সদৌ অসম উন্নয়ন পৰিষদৰ সভাপতি মৌচম কুমাৰ উজীৰ আৰু পৰিষদৰ আন দুজন সদস্য মানস দত্ত আৰু আশিস বৰাক আটক কৰে।

মহানগৰীৰ খানাপাৰাত বন্ধৰ ব্যাপক প্ৰভাৱ পৰা দেখা গৈছে। আনহাতে, বন্ধৰ ফলত উদ্ভৱ হ’ব পৰা যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ নিৰাপত্তা বাহিনী সষ্টম কৰি ৰখা হৈছে।

Related News