NORTHEAST NOW (Assamese)
Popular Stories

কা বিৰোধী আন্দোলনৰ সক্ৰিয় নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে গোচৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 4, 2020 7:40 am
Mira Barthakur

কা বিৰোধী আন্দোলনৰ সক্ৰিয় নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে গোচৰ দিছে ৰাজ্যিক বিজেপিয়ে।

মঙলবাৰে সন্ধিয়া প্ৰায় ৭.৩০ মান বজাত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ তথা উচ্চ ন্যায়ালয়ৰ অধিবক্তা অপৰাজিতা ভূঞাই দিচপুৰ থানাত বৰঠাকুৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

বৰঠাকুৰৰ বিৰুদ্ধে মোদী-অমিত শ্বাহক লৈ অপমান সূচক মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে মোদী অমিত-শ্বাহক সন্ত্ৰাসবাদীৰে তুলনা কৰাৰ গুৰুতৰ অভিযোগ তোলে এজাহাৰত।

“যোগীঘোপাৰ বালাপাৰাত মীৰা বৰঠাকুৰ গোস্বামী নামৰ মহিলা এগৰাকীয়ে ভাৰতৰ প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীক অপমান কৰাৰ লগতে “মোদী অমিত শ্বাহৰ দাদাগিৰি নচলিব বুলি বিতৰ্কিত শব্দ প্ৰয়োগ কৰি ধমক দিয়াৰ লগতে ৰাইজক উত্তেজিত কৰি দেশদ্ৰোহী হ’বলৈ উচটনি যোগাইছে।” এজাহাৰত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ গৰাকীয়ে এইদৰে উল্লেখ কৰে।

তেওঁ লগতে এজাহাৰত লিখি কয় “দেশৰ নিৰ্বাচিত প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীক সন্ত্ৰাসবাদীৰে তুলনা কৰি বিভিন্ন মানুহৰ লগত লগ লাগি এক বিশেষ ধৰ্মাৱলম্বী লোকসকলক দিল্লীৰ দৰে ঘটনা ঘটাবলৈ উত্তেজিত কৰাৰ উদ্দেশ্যে নিজৰ বক্তব্য প্ৰদান কৰা পৰিলক্ষিত হৈছে।”

দৈনিক জনমভূমি নামৰ অসমীয়া দৈনিক কাকতত প্ৰকাশিত এক বাতৰিৰ আলম লৈয়ে এই এজাহাৰ দাখিল কৰা বুলি জানিব পৰা যায়। যি বাতৰিত শিৰোনাম প্ৰকাশ পাইছিল “নৰেন্দ্ৰ মোদী-অমিত শ্বাহৰ দৰে দ্বিতীয় সন্ত্ৰাসবাদী কোনো নাই”।

কিন্তু এনেধৰণৰ মন্তব্য কৰাটো অস্বীকাৰ কৰিছে মীৰা বৰঠাকুৰে। তেওঁ এই বাতৰি উদ্দেশ্যে প্ৰণোদিত আখ্যা দিয়াৰ লগতে তেওঁৰ উক্তিৰ কিয়দাংশ কাটি বাতৰি প্ৰস্তুত কৰা বুলি মন্তব্য কৰে।

মীৰা বৰঠাকুৰৰ বিৰুদ্ধে দিচপুৰ থানাত ৰাজ্যিক বিজেপিয়ে দিয়া গোচৰৰ কপি

“মই সেই মন্তব্য কেতিয়াও কৰা নাছিলো। মই কৈছিলো যে তেওঁলোকে অখিল গগৈক মুক্তি দিব লাগে, যদি পুলৱামা কাণ্ডৰ সন্ত্ৰাসবাদী জয়-ছি-মহম্মদক মুক্তি দিব পাৰে তেন্তে অখিল গগৈক কিয় নোৱাৰে? অখিল গগৈ ইমান ডাঙৰ সন্ত্ৰাসবাদী নে? সেই কথাটোকে কোনো সংবাদমাধ্যমে টুইষ্ট কৰি বাতৰি পৰিবেশন কৰিছে।” বৰঠাকুৰে আমাৰ সাংবাদিকৰ আগত কয়।

তেওঁ আৰু কয় “মই পাগল বা মুৰ্খ নহয় গতিকে মই তেনেকৈ কৈছো বুলি প্ৰমাণ কৰি দেখুওৱাক।”

ইপিনে ১ মাৰ্চতহে যোগীঘোপাৰ বালাপাৰাত “কা” বিৰোধী সভা আছিল বুলি উল্লেখ কৰি লগতে কয় “পেপাৰখনে কালি (অৰ্থাৎ ২ মাৰ্চ) news বনাইছে অলপ টুইষ্ট দি। ১ মাৰ্চৰ বাতৰি তেওঁলোকে দৈনিক জনমভূমিৰ প্ৰথম পৃষ্ঠাত আজি প্ৰকাশ কৰিছে। এয়া অপ প্ৰচাৰ, সেই লাইনত মই কথাটো কোৱাই নাছিলো। মোৰ বক্তব্য কাটি কথা এটা ক’লেই নহ’বা, মই কি কৈছিলো প্ৰকৃততে সেইটো প্ৰমাণ কৰক।”

“মোৰ বিৰুদ্ধে থকা ষড়যন্ত্ৰৰ এয়া প্ৰমাণ। তেওঁলোকে চাই আছে মোক ক’ত কেনেকৈ ফচাব পাৰে”। বৰঠাকুৰে এই কথা নৰ্থ-ইষ্ট নাওৰ আগত প্ৰকাশ কৰে।

প্ৰাক্তন বিজেপি নেত্ৰী মীৰা বৰঠাকুৰে প্ৰকৃতাৰ্থত এনেধৰণৰ উচটনিমূলক মন্তব্য কৰিছিল নে নাই সেয়া তদন্তৰ পাছত পোহৰলৈ আহিব।