‘ভূপেন বৰা এজন কুফা ব্যক্তি’ – প্ৰাক্তন কংগ্ৰেছী ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছৰে পৰা কংগ্ৰেছৰ অৱস্থা শোচনীয় হৈ পৰিছে, কিয়নো ভূপেন বৰা এজন কুফা মানুহ। – এই মন্তব্য প্ৰাক্তন কংগ্ৰেছী বিধায়ক তথা মৰিয়নি সমষ্টিৰ বৰ্তমানৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।
ভূপেন বৰাই বিজেপিক আক্ৰমণ কৰি আহিবলগীয়া বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যতেই নিৰ্বাচন খেলিব তাতেই বৰাই প্ৰতিদ্বন্দিতা কৰিব বুলি মন্তব্য কৰিছিল। বৰাৰ এই মন্তব্যৰ পিছতেই মাজবাটৰ এখন সভাত এইদৰে ভূপেন বৰাক কুফা বুলি আক্ৰমণ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।
লগতে কুৰ্মীয়ে কয়, ভূপেন বৰাই বিহপুৰীয়া সমষ্টিত এবাৰ নহয়, দুবাৰকৈ হাৰিলে। লোকসভা নিৰ্বাচনতো হাৰিলে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াই কি ফল পাব ভূপেন বৰাই।
ভূপেন বৰাক এইদৰে কটাক্ষ কৰি কুৰ্মীয়ে কয়, আঢ়ৈ বছৰ আগলৈকে কংগ্ৰেছত থকাৰ বাবে কংগ্ৰেছৰ বিৰুদ্ধে কওঁতে মনত আঘাত লাগে।
অহা ২৫ বছৰলৈ কংগ্ৰেছ জয়ী হোৱাৰ আশা নাই। গতিকে অহা ২৫ বছৰলৈকে কংগ্ৰেছীসকলক কুম্ভকৰ্ণ নিদ্ৰাত যাবলৈ পৰামৰ্শ দিছে ৰূপজ্যোতি কুৰ্মীয়ে।