NORTHEAST NOW (Assamese)
অসম

মৃত্যুৰ পিছতো অসমৰ ঋষভৰ শেষ গানে কন্দুৱাইছে ইণ্টাৰনেটক ||Video||

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 11, 2020 10:47 pm
Assam boy Rishav Dutta’s soulful singing have netizens teary-eyed after his death

অকালতে মৃত্যু সাৱটা অসমৰ কিশোৰ ঋষভ দত্তৰ শেষ গানে কন্দুৱাইছে ইণ্টাৰনেটক।

 এপ্লাষ্টিক এনিমিয়া নামৰ দুৰাৰোগ্য ৰোগত তিনিচুকীয়া কাকপথাৰৰ কিশোৰজনে ৯ জুলাইত বেংগালুৰুত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লৈছিল।

 ইণ্টাৰনেটত ঋষভৰ গানৰ ভিডিঅ’বোৰ ২০১৯ চনৰে পৰা জনপ্ৰিয় হৈ আহিছিল।

 শেহতীয়াকৈ ফে’চবুকত প’ষ্ট কৰা ঋষভৰ দুটা গীতৰ ভিডিঅ’ চ’চিয়েল মিডিয়াত ব্যাপকভাৱে বিয়পি পৰিছে।

একে সময়তে কিশোৰজনৰ মৃত্যুৰ সংবাদে চ’চিয়েল মিডিয়া ইউজাৰসকলক আৱেগিক কৰি তুলিছে।

এটা ভিডিঅ’ত ঋষভক হাতত গীটাৰ লৈ চিকিৎসালয়ৰ বিচনাতে চান্না মেৰিয়া নামৰ জনপ্ৰিয় হিন্দী গীতটো গোৱা দেখা গৈছে।

 বহুলাখ লোকে ভিডিঅ’টো এতিয়ালৈকে চোৱাৰ লগতে হাজাৰ হাজাৰ লোকে ইয়াত শ্বেয়াৰ াৰু আৱেগভৰা কমেণ্ট কৰা দেখা গৈছে।