NORTHEAST NOW (Assamese)
অসম

তেজছ ৰাজধানী এক্সপ্ৰেছৰ পৰা ১১ কেজি গাঞ্জা  জব্দ, দুগৰাকী মহিলা গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 18, 2025 3:21 pm

 

বদৰপুৰ ৰে’লৱে ষ্টেচনত ৰে’ল আৰক্ষী (GRP)-এ তেজছ ৰাজধানী এক্সপ্ৰেছৰ পৰা প্ৰায় ১১ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে। এই ঘটনাত জড়িত থকা দুগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে।

নিয়মীয়া পৰীক্ষাৰ সময়ত আগৰতলা-দিল্লী অভিমুখী ৰে’লখনত সন্দেহজনক ব্যৱহাৰ পৰিলক্ষিত হোৱাত GRP জোৱানসকলে অভিযান চলায়। যাত্ৰীৰ লগত থকা বেগত লুকুৱাই ৰখা নিষিদ্ধ গাঞ্জা উদ্ধাৰ উদ্ধাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা দুইগৰাকী মহিলা ত্ৰিপুৰাৰ বিশালগড়ৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকৰ নাম মনোৱাৰা বেগম আৰু জিন্তা বেগম।

চোৰাং ব্যৱসায়ী চক্ৰৰ সৈতে জড়িত সকলক চিনাক্ত কৰিবলৈ কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰি অনুসন্ধান অব্যাহত ৰাখিছে।