NORTHEAST NOW (Assamese)

Assam Career : ডাঃ বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠান, গুৱাহাটীত জৈৱ-পৰিসংখ্যাবিদৰ পদ খালী, কেনেকৈ কৰিব আবেদন?

June 26, 2022 5:46 pm · এন ই নাও নিউজ

ডাঃ বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠান, গুৱাহাটীত বিভিন্ন বৈজ্ঞানিক পদৰ বাবে আবেদন আহ্বান কৰা হৈছে।

ডাঃ বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠান, গুৱাহাটীয়ে জৈৱ-পৰিসংখ্যাবিদ পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা বি.আই.আৰ.এ.চি.-ডি.বি.টি-এ পৃষ্ঠপোষকতা কৰা প্ৰকল্প এটাত কাম কৰিবলৈ আগ্ৰহী প্ৰাথীৰ পৰা আবেদন বিচাৰিছে। “ঔষধ আৰু সঁজুলি বিকাশৰ ক্ষেত্ৰত বহুকেন্দ্ৰিক সহযোগিতামূলক গৱেষণাৰ প্ৰচাৰৰ বাবে ৰাষ্ট্ৰীয় কৰ্কট গ্ৰীডত নিদানিক পৰীক্ষণ গোটৰ এক প্ৰস্তুত নেটৱৰ্ক স্থাপন কৰিবলৈ এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

পদৰ নাম : জৈৱ-পৰিসংখ্যাবিদ

পদৰ সংখ্যা : ১

Also read : Assam Career : IASST,গুৱাহাটীত পদ খালী, জানো আহক আবেদনৰ প্ৰক্ৰিয়া
দৰমহা : প্ৰতি মাহে ৩০,০৮৩/- টকা

অৰ্হতা : এনে ধৰণৰ কামত নূন্যতম ২ বছৰ অভিজ্ঞতা থকা আৰু স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা পৰিসংখ্যাত এম.এছ.চি ডিগ্ৰী থকা হ’ব লাগিব।

বয়স : ২৮ বছৰৰ তলৰ

বাছনি প্ৰক্ৰিয়া: ৭ জুলাই, ২০২২ তাৰিখে পুৱা ১০ বজাৰ পৰা কনফাৰেন্স হল, ডাঃ বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠান, গুৱাহাটীত (প্ৰশাসনিক খণ্ড, অ’পিডি ভৱন, ২য় মহলা) ত এক ৱাক-ইন-ইণ্টাৰভিউ অনুষ্ঠিত হ’ব।

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে শিক্ষাগত প্ৰমাণপত্ৰ আৰু অন্যান্য প্ৰমাণপত্ৰৰ প্ৰত্যায়িত প্ৰতিলিপিৰ সৈতে সাক্ষাৎকাৰৰ বাবে উপস্থিত থাকিব পাৰে।

বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক
https://www.bbcionline.org/pdf/22062022/adv_statiscian.pdf

Also read : Assam Career : তেজপুৰ বিশ্ববিদ্যালয়ত অধ্যাপকৰ পদ খালী, কিদৰে কৰিব আবেদন?

Related News