NORTHEAST NOW (Assamese)

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

June 26, 2022 9:59 pm · এন ই নাও নিউজ

আবেদনৰ অন্তিম তাৰিখ: ৩০ জুলাই, ২০২২
লখিমপুৰৰ উপায়ুক্তই উত্তৰ লখিমপুৰ আৰু ঢকুৱাখনা উপ-বিভাগৰ অধীনত গাঁও প্ৰধানৰ খালী পদৰ নিযুক্তিৰ বাবে এক জাননী প্ৰকাশ কৰিছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে ইয়াত আবেদন কৰিব পাৰে।

পদৰ নাম: গাঁও প্ৰধান
পদৰ সংখ্যা: উল্লেখ কৰা নাই।
ৰাজহ চক্ৰ:
# ঢকুৱাখনা
# সোৱণশিৰি
# কদম
# উত্তৰ লখিমপুৰ
# নাওবৈচা
# বিহপুৰীয়া
# নাৰায়ণপুৰ
বয়সৰ সীমা: প্ৰাৰ্থীৰ বয়স নূন্যতম ৩০ বছৰ হ’ব লাগিব।
প্ৰাৰ্থী ভাৰতৰ নাগৰিক হ’ব লাগিব আৰু সংশ্লিষ্ট গাঁওৰ বা অঞ্চলটোৰ স্থায়ী বাসিন্দা হ’ব লাগিব (য’ৰ পৰা তেওঁ নিযুক্তি বিচাৰে)
শিক্ষাগত অৰ্হতা: প্ৰাৰ্থী ৰাজ্য চৰকাৰৰ দ্বাৰা স্বীকৃত বোৰ্ড/প্ৰতিষ্ঠানৰ পৰা নূন্যতম দশম উত্তীৰ্ণ হ’ব লাগিব।
অন্যান্য চৰ্ত:
# প্ৰাৰ্থী শাৰীৰিকভাৱে সুস্থ হ’ব লাগিব ।

# প্ৰাৰ্থীআন কোনো চৰকাৰী কৰ্মচাৰী হ’ব নালাগিব।
# প্ৰাৰ্থী কোনো ৰাজনৈতিক দলৰ সদস্য হ’ব নালাগিব।
# প্ৰাৰ্থীৰ দুটাতকৈ অধিক জীৱিত সন্তান থাকিব নালাগিব।

Also read : Assam Career : অসম কৃষি বিশ্ববিদ্যালয়ত পদ খালী, কি পদ, কেনেকৈ কৰিব আবেদন?

কেনেদৰে আবেদন কৰিব?
ওপৰোক্ত যোগ্যতাৰ চৰ্ত পূৰণ কৰা প্ৰাৰ্থীসকলে নিৰ্ধাৰিত তাৰিখৰ ভিতৰত ষ্টেণ্ডাৰ্ড ফৰ্মত আবেদন কৰিব পাৰে। প্ৰাৰ্থীসকলে তেওঁলোকৰ পূৰণ কৰা আবেদন সংশ্লিষ্ট ৰাজহ চক্ৰ কাৰ্যালয়ত বা লখিমপুৰৰ উপায়ুক্তৰ কাৰ্যালয়ত দাখিল কৰিব লাগিব।
প্ৰাৰ্থীসকলে নিম্নলিখিত প্ৰমাপত্ৰসমূহৰ ফটোকপি দাখিল কৰিব লাগিব।
# শেহতীয়া পাছপোৰ্ট আকাৰৰ ফটো।
# শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ।
# বয়সৰ প্ৰমাণ প্ৰমাণপত্ৰ।
# সৰু পৰিয়াল থকাৰ শপতনামা।
# তেওঁৰ নামত থকা সম্পত্তি সম্পৰ্কীয় নথিপত্ৰ।
# বাকিজাই আদায়ৰ প্ৰমাণপত্ৰ।
# মৌজাদাৰৰ প্ৰমাণপত্ৰ।

Also read : Assam Career : ডাঃ বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠান, গুৱাহাটীত জৈৱ-পৰিসংখ্যাবিদৰ পদ খালী, কেনেকৈ কৰিব আবেদন?

Related News