NORTHEAST NOW (Assamese)
অসম

নাম সলনি হ’ল কৰিমগঞ্জ জিলাৰ : যোগীৰাজ্যৰ পৰা অসমলৈ আমদানি হ’ল নাম সলনিৰ ৰাজনীতি!

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 19, 2024 7:59 pm

সলনি হ’ব অসমৰ কৰিমগঞ্জ জিলাৰ নাম। মঙলবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে কৰিমগঞ্জ জিলাৰ নাম সলনি কৰা হ’ব।

জিলাখনৰ নতুন নাম হ’ব শ্ৰীভূমি জিলা।

আজি জনতা ভৱনত বৈঠকত ৰাজ্যিক মন্ত্ৰীসভাই নাম সলনিৰ বাবে অনুমোদন জনায়।

কেবিনেট বৈঠক সমাপ্ত হোৱাৰ পাছত সাংবাদিকক সম্বোধন কৰি মুখ্যমন্ত্রী শর্মাই কয় যে যিবোৰ ঠাইৰ নামৰ ঐতিহাসিক উল্লেখ বা তাৎপর্য নাই, অভিধানতো উল্লেখ নাই, সেইবোৰ ঠাইৰ নাম ক্ৰমান্বয়ে সলনি কৰাৰ পৰিকল্পনা কৰা হৈছে।

হিমন্ত বিশ্ব শৰ্মাই কয় যে আমাৰ চৰকাৰে পৰ্যায়ক্ৰমে এনে ঠাইৰ নাম সলনি কৰিব। আমি আগতে গুৱাহাটীৰ কালাপাহাৰ আৰু চেৰাভাট্টিৰ দৰে কেইখনমান ঠাইৰ নাম সলনি কৰিছিলোঁ। আজি ৰাজ্যৰ কেবিনেটে কৰিমগঞ্জ জিলাৰ নাম সলনি কৰাৰ সিদ্ধান্ত লৈছে আৰু এতিয়া ইয়াক শ্ৰীভূমি নামেৰে নামকৰণ কৰা হ’ব।’- এইদৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই।

আনহাতে, মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰে যে চৰকাৰে দুটা পৰ্যায়ত অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব আৰু অহা বৰ্ষৰ ১০ ফেব্ৰুৱাৰীৰ ভিতৰত নিৰ্বাচনী প্ৰক্ৰিয়া শেষ হোৱাৰ বিপৰীতে ৩০ ডিচেম্বৰত নিৰ্বাচনৰ তালিকা প্ৰকাশ পাব।

তেওঁ লগতে ঘোষণা কৰে যে অহা ২৪ ফেব্ৰুৱাৰীত অসমত অসম বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন আয়োজন কৰা হ’ব আৰু ইয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব।