NORTHEAST NOW (Assamese)
অসম

মিচিং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰতিনিধিৰ সৈতে মুখ্য মন্ত্ৰীৰ বৈঠক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 23, 2020 7:00 am
assam-kGM-

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ এটা প্ৰতিনিধি দলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে।

বৈঠকত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ বিভিন্ন দাবী আৰু সমস্যাৰাজিৰ বিষয়ে আলোচনা কৰা হয়।

বৈঠকত মুখ্য মন্ত্ৰীয়ে গোগামুখত এটা অনাতাঁৰ কেন্দ্ৰ স্থাপনৰ বাবে ভৈয়াম জনজাতি আৰু পাছপৰা শ্ৰেণী কল্যাণ বিভাগক ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ সৈতে বিষয়টো উত্থাপন কৰাৰ বাবে নিৰ্দেশ দিয়ে।

বৈঠকত মুখ্য মন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ নথি সমূহত মিচিং জনগোষ্ঠীক এতিয়ালৈকে মিৰি হিচাপে উল্লেখ কৰি অহাৰ প্ৰতি লক্ষ্য ৰাখি এই শব্দৰ পৰিৱৰ্তন ঘটাই মিচিং হিচাপে স্বীকৃত কাৰৰ বাবে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিব পৰাকৈ প্ৰয়োজনীয় পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়ে।

আনহাতে, আলি আয়ে লৃগাং উপলক্ষে চৰকাৰী বন্ধৰ বিষয়টো কেবিনেট উপ সমিতিত আলোচনা কৰা হ’ব বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

আজিৰ এই আলোচনাৰ সময়ত সাংসদ প্ৰদান বৰুৱা, অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং, মুখ্য মন্ত্ৰীৰ সচিব ৰঞ্জন চক্ৰৱৰ্তী, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েংগিয়া প্ৰমুখ্যে পৰিষদৰ সদস্য সকল, উচ্চপদস্থ বিষয়া সকল উপস্থিত আছিল।