NORTHEAST NOW (Assamese)
অসম

পশ্চিম বংগত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ ওপৰত দুষ্কৃতিকাৰীয়ে কৰা আক্ৰমণক অসমৰ মুখ্য মন্ত্ৰীৰ গৰিহণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 14, 2019 9:24 pm
west bengal

পশ্চিম বংগত শান্তিপূৰ্ণভাৱে নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ যোৱা বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি তথা সাংসদ অমিত শ্বাহৰ ওপৰত দুষ্কৃতিকাৰীয়ে কৰা আক্ৰমণক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তীব্ৰ ভাষাৰে গৰিহণা দিছে।

এক প্ৰেছ বিবৃতি যোগে মুখ্য মন্ত্ৰী সোণোৱালে কয় যে গণতন্ত্ৰৰ প্ৰতি প্ৰত্যাহ্বান জনাই সংঘটিত কৰা এনে দুষ্কাৰ্য্য অতি নিন্দনীয়। এই ঘটনাৰ সৈতে জড়িত দুষ্কৃতিকাৰীসকলক কঠোৰ শাস্তিৰ যোগ্য বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী সোণোৱালে এই ক্ষেত্ৰত শীঘ্ৰে ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ দাবী কৰিছে।

মুখ্য মন্ত্ৰী সোণোৱালে বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি তথা সাংসদ অমিত শ্বাহে এই ক্ষেত্ৰত দেখুওৱা সহিষ্ণুতাৰ বাবে তেখেতক ধন্যবাদ জনাইছে।

উল্লেখযোগ্য যে, নৰেন্দ্ৰ মোডীক গণতন্ত্ৰ ধ্বংসকাৰী আখ্যা দিয়া পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ ৰাজ্যত দেশৰ ভিতৰত আটাইতকৈ বেছি নিৰ্বাচনী হিংসা সংঘটিত হৈছে।