NORTHEAST NOW (Assamese)
অসম

ভুৱা, অশুদ্ধ বাতৰি: ৱেব প’ৰ্টেল, চ’চিয়েল মিডিয়া ইউজাৰৰ বিৰুদ্ধে তৎকালে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ অসমৰ মুখ্য সচিবৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 19, 2020 11:14 pm
Assam: Chief Secretary directs immediate action against web portals and social media users engaged in fake and false news

অসমৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ভুৱা আৰু অশুদ্ধ বাতৰিত জৰিত ৱেব প’ৰ্টেল আৰু চ’চিয়েল মিডিয়া ইউজাৰৰ বিৰুদ্ধে তৎকালে ব্যৱস্থা লোৱাৰ বাবে শুকুৰবাৰে নিৰ্দেশ দিছে।

এনে নিউজ ৱেব প’ৰ্টেল আৰু চ’চিয়েল মিডিয়া ইউজাৰৰ বিৰুদ্ধে চাইবাৰ ক্ৰাইম আইনৰ অধীনত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্য সচিব কৃষ্ণই নিৰ্দেশ দিছে।

অসমত নিউজ ৱেব প’ৰ্টেলৰ দ্ৰুত বৃদ্ধি সন্দৰ্ভত মুখ্য সচিবৰ কাৰ্য্যালয়ত এক আলোচনাৰ পিছতে তেওঁ এই নিৰ্দেশ দিয়ে।

“এই কথা চৰকাৰৰ দৃষ্টিগোচৰ হৈছে যে বেছিভাগ সময়তে কিছুমান নিউজ ৱেব প’ৰ্টেল ভুৱা, অশুদ্ধ আৰু মনে সজা বাতৰি প্ৰসাৰত জৰিত হৈ আহিছে যিটোৱে সাধাৰণ ৰাইজক বিপথে পৰিচালিত কৰিছে,” তথ্য আৰু জনসংযোগ বিভাগৰ বিবৃতিত প্ৰকাশ।

বিবৃতিটোত লগতে কোৱা হৈছে যে নিউজ ৱেব প’ৰ্টেল আৰু চ’চিয়েল মিডিয়াত প্ৰচাৰিত অশুদ্ধ তথ্য আৰু ভুৱা বাতৰিয়ে আমাৰ সমাজৰ সদায় ক্ষতি কৰিব পাৰে।

“তাৰোপৰি, এইবোৰৰ বিশেষকৈ আহি থকা প্ৰজন্মৰ ওপৰত এক প্ৰতিকূল প্ৰভাৱৰ বৃহৎ সম্ভাৱনা আছে,” বিবৃতিত প্ৰকাশ।

আনহাতে বহু লোকে ন্যস্ত স্বাৰ্থৰ উদ্দেশ্যে আৰু অশুদ্ধ আৰু ভুৱা বাতৰি বিয়পোৱাৰ বাবে চ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহ কামত লগোৱা পৰিলক্ষিত হৈছে বুলিও বিবৃতিটোত কোৱা হৈছে।

মুখ্য সচিবৰ সৈতে আলোচনাত তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া আৰু সঞ্চালক অনুপম চৌধুৰী উপস্থিত আছিল।