NORTHEAST NOW (Assamese)

আন্তঃৰাজ্যিক সীমান্তৰ সমীপত বসবাস কৰা লোকৰ বাবে নহয় অস্ত্ৰ অনুজ্ঞাপত্ৰ নীতিঃ স্পষ্টিকৰণ দিলে হিমন্ত বিশ্ব শৰ্মাই

May 29, 2025 1:34 pm · এন ই নাও নিউজ, গুৱাহাটী

শেহতীয়া কৈ অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি অস্ত্ৰ অনুজ্ঞাপত্ৰ নীতি প্ৰদান কৰিব লগীয়া জিলাক কেন্দ্ৰকৰি কিছু ভুল তথ্য সম্প্ৰচাৰিত হৈ থকা পৰিলক্ষিত হৈছে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত স্পষ্ট কৰি দিছে যে তেওঁৰ চৰকাৰৰ অস্ত্ৰ অনুজ্ঞাপত্ৰ নীতি ৰাজ্যখনৰ অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম আৰু নাগালেণ্ডৰ সীমান্তত প্ৰযোজ্য নহয়।

উত্তৰ-পূবৰ এই চাৰিখন ৰাজ্যৰ সৈতে অসমৰ সীমা বিবাদৰ বাবে ৰক্তাক্ত পৰিস্থিতিৰ বাবে বিগত পাঁচটা দশকত ২০০ৰো অধিক লোকৰ প্ৰাণহানি হৈছে৷ অৱশ্যে অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ সৈতে সীমা বিবাদ আংশিকভাৱে সমাধান হৈছে।

উল্লেখ্য যে বুধবাৰে অসম কেবিনেটে দুৰ্বল আৰু সীমান্তৱৰ্তী অঞ্চলত বসবাস কৰা “থলুৱা আৰু খিলঞ্জীয়া জনগোষ্ঠী”ক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ নীতিত অনুমোদন জনায়।

টুইটাৰযোগে তেওঁ লিখিছে, ‘মেঘালয়, অৰুণাচল প্ৰদেশ, মিজোৰাম, নাগালেণ্ডৰ দৰে আন্তঃৰাজ্যিক সীমান্তৱৰ্তী অঞ্চলতো এই অস্ত্ৰ অনুজ্ঞাপত্ৰ নীতি প্ৰযোজ্য হ’ব নেকি সেই লৈ কিছু প্ৰশ্ন উত্থাপন হৈছিল। এই সন্দৰ্ভত তেওঁ  স্পষ্টভাবে প্ৰকাশ কৰে যে  অসমে সদায় বিশ্বাস কৰি আহিছে যে আন্তঃৰাজ্যিক সীমান্তৰ সমস্যাসমূহ পাৰস্পৰিক বুজাবুজি আৰু বিশ্বাসৰ জৰিয়তে সমাধান কৰিব লাগে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ভাবুকিৰ ক্ষেত্ৰত এই অঞ্চলসমূহ দুৰ্বল বুলি গণ্য কৰা হোৱা নাই লগতে কয় যে আন্তঃৰাজ্যিক সীমান্তৰ সমস্যাসমূহ নিৰাপত্তাৰ দুৰ্বলতা নহয় বৰঞ্চ পাৰস্পৰিক বুজাবুজি আৰু শান্তিপূৰ্ণ আলোচনাৰ জৰিয়তে সমাধান কৰিবলগীয়া বিষয় বুলি অসম চৰকাৰৰ দৃঢ় বিশ্বাস।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি বৰপেটা, ধুবুৰী, গোৱালপাৰা, মৰিগাঁও, নগাঁও আৰু দক্ষিণ ছালমাৰা-মানকাচৰ জিলাত অস্ত্ৰ অনুজ্ঞাপত্ৰ নীতি প্ৰযোজ্য হ’বএই জিলাসমূহত বাংলাভাষী মুছলমান সংখ্যাগৰিষ্ঠ, ইয়াৰে দুখন – ধুবুৰী আৰু দক্ষিণ ছালমাৰা-মানকাচৰ – বাংলাদেশৰ সীমান্তত আছে। সাংবাদিকৰ আগত শৰ্মাই কয়, ‘কেবিনেটৰ সিদ্ধান্ত গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ।বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ বাবে এই জিলাসমূহৰ খিলঞ্জীয়া লোকসকলে নিৰাপত্তাহীনতাৰ পৰিৱেশত বাস কৰি আছে।

কেবিনেটৰ সিদ্ধান্ত খিলঞ্জীয়া জনসাধাৰণক সামৰিককৰণৰ লক্ষ্যৰে লোৱা হোৱা নাছিল বুলি জোৰ দি তেওঁ কয় যে দুৰ্বল অঞ্চলৰ লোকসকলে দীৰ্ঘদিন ধৰি অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ দাবী কৰি আহিছে। চৰকাৰে যোগ্য লোকক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাত নম্ৰতা প্ৰদৰ্শন কৰিব বুলি সদৰী কৰিছে।

ইফালে কেবিনেটৰ সিদ্ধান্তৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৰাক উপত্যকাৰ তৃণমূল কংগ্ৰেছৰ সাংসদ সুষমিতা দেৱে কয় যে অস্ত্ৰ অনুজ্ঞাপত্ৰ নীতিয়ে “অসম চৰকাৰৰ বিশ্বাসযোগ্যতা নস্যাৎ কৰে।

এই সিদ্ধান্তই সীমান্ত সুৰক্ষা বাহিনী আৰু অসম আৰক্ষীয়ে তেওঁলোকক “অবৈধ অনুপ্ৰৱেশকাৰী” আৰু (বাংলাদেশ) সীমান্তৰ সিপাৰৰ পৰা অহা বিষয়ৰ পৰা ৰক্ষা কৰিব নোৱাৰে বুলি, সীমান্ত অঞ্চলৰ লোকসকললৈ এবাৰ্তা প্ৰেৰণ কৰিছে বুলি কটাক্ষ কৰে।

আৰু কয় যে ‘চৰকাৰে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব পাৰে, কিন্তু তেওঁ কি কামত বন্দুক ব্যৱহাৰ কৰিব পাৰে আৰু কি কৰিব নোৱাৰে সেই কথা কাকো ক’ব নোৱাৰে।

 লগতে তেওঁ কয় আজিলৈকে খিলঞ্জীয়াৰ প্ৰকৃত সংজ্ঞা কোনেও নাজানে। ৰাতিপুৱা সাৰ পাই কোন খিলঞ্জীয়া আৰু কোন নহয় সেইটো অসমৰ মুখ্যমন্ত্ৰীয়েই সিদ্ধান্ত লয়।

এই অস্ত্ৰ অনুজ্ঞাপত্ৰ নীতিয়ে ভুল নজিৰ ৰচনা কৰে আৰু ডাবল ইঞ্জিন চৰকাৰৰ অধীনত অসমৰ জনসাধাৰণ সুৰক্ষিত নহয় বউলি মন্ত্বব্য কৰে

Related News