NORTHEAST NOW (Assamese)

অৰুণাচলত অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰক হত্যাৰ অভিযোগ; আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কলেজীয়া ছাত্ৰক

August 28, 2025 9:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 28, 2025 7:54 pm

অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰ এগৰাকীক হত্যা কৰাৰ অভিযোগত অৰুণাচল প্ৰদেশ আৰক্ষীয়ে এগৰাকী কলেজীয়া ছাত্ৰক গ্ৰেপ্তাৰ কৰিছে।

অভিযুক্ত অৰুণাচলৰ মেচুকাৰ দবা নৰ্বু সোনা বুলি জানিব পৰা গৈছে।

অৰুণাচলৰ নাহৰলাগুনত থকা ঘটনাৰ বলি ছাত্ৰজনৰ পিতৃৰ কোৱাৰ্টাৰত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তই ভুক্তভোগীৰ সৈতে তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হৈছিল যিটো পিছত মাৰাত্মক সংঘাতলৈ পৰিণত হয়। তদন্তকাৰীয়ে এতিয়াও এই সংঘাতৰ সঠিক কাৰণ উলিয়াবৰ চেষ্টা কৰি আছে।

সূত্ৰ অনুসৰি, দুয়োৰে মাজত ব্যক্তিগত বিবাদ হৈছিল আৰু সেয়া হিংস্ৰ সংঘৰ্ষ হৈ পৰিছিল। পৰিয়ালৰ সদস্যসকলে দাবী কৰে যে ভাঙৰ সৈতে জড়িত এটা বিষয়ৰ পৰাই এই মতানৈক্যৰ সৃষ্টি হৈছিল।

সংবাদ মাধ্যমৰ আগত ভুক্তভোগীৰ ভগ্নীয়ে জনোৱা মতে, ভাতৃৰ দীৰ্ঘদিনীয়া বন্ধু ডাবা নৰ্বু ছ’নাই পৰিয়ালক এই হত্যাকাণ্ডৰ বিষয়ে অৱগত কৰে।

‘নৰ্বুৱে যোৱা নিশা আমাক ফোন কৰি স্বীকাৰ কৰিছিল যে তেওঁলোকে ভাঙক লৈ কাজিয়া কৰাৰ পিছত মোৰ ভাইটিক হত্যা কৰিছিল। ২০০৪ চনৰ পৰাই তেওঁলোকে ইজনে সিজনক চিনি পাইছিল।’ তেওঁ অভিযুক্তক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়।

আৰক্ষীয়ে বিতং তদন্ত আৰম্ভ কৰি তেওঁলোকে ন্যায় লাভ কৰাটো নিশ্চিত কৰিব বুলি পৰিয়ালক আশ্বাস দিছে।

Related News