NORTHEAST NOW (Assamese)

পুনৰ কেণা! ফাদিল হৈছিল অসমীয়া বিষয়ৰ প্ৰশ্নকাকতো!

March 16, 2023 10:37 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 17, 2023 4:07 pm

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিতৰ্ক তুংগত থকাৰ সময়তে আহিছে আন এক খবৰ। সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ মাজতে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰো তথ্য পোৱা গৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইট যোগে সদৰী কৰিছে এই তথ্য। মুখ্যমন্ত্ৰী শৰ্মাৰ টুইট অনুসৰি সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা লোহিত খাবালু উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াই জেৰাৰ সময়ত অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি স্বীকাৰ কৰিছে।

টুইটটোত লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছেবাক ১৮ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল কৰি বিষয়টোৰ পৰীক্ষাৰ তাৰিখ পুনৰ নিৰ্ধাৰণৰ পৰামৰ্শ আগবঢ়াইছে।

 

Related News