NORTHEAST NOW (Assamese)
অসম

মুখ্য মন্ত্ৰীৰ পৌৰোহিত্যত ৰাজ্যিক স্বাস্থ্য অভিযানৰ একাদশ বৈঠক অনুষ্ঠিত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 21, 2019 9:30 pm

আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৌৰোহিত্যত জনতা ভৱনৰ মুখ্য মন্ত্ৰীৰ সভাগৃহত অনুষ্ঠিত হয় ৰাজ্যিক স্বাস্থ্য অভিযানৰ একাদশ বৈঠক।

বৈঠকত স্বাস্থ্য বিভাগৰ বিভিন্ন আঁচনিৰ অগ্ৰগতি, স্বাস্থ্য বিভাগে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সম্পৰ্কে আলোচনা কৰাৰ উপৰি ৰাজ্যিক স্বাস্থ্য অভিযানৰ বিভিন্ন প্ৰস্তাৱৰ অনুমোদন জনোৱা হয়।

সোণোৱালে কয় যে জনসাধাৰণক উন্নত মানদণ্ডৰ স্বাস্থ্যসেৱা প্ৰদানৰ উদ্দেশ্যে ৰাজ্যৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰা পদক্ষেপ আৰু আঁচনিসমূহ অধিক জনমুখী কৰাৰ ক্ষেত্ৰত বিভিন্ন বিভাগৰ লগতে উপায়ুক্ত সকলৰো যথেষ্ট দায়িত্ব আছে।

আনহাতে, চাহ বাগিচা এলেকাত আৰম্ভ কৰা ভ্ৰাম্যমান স্বাস্থ্যসেৱা গোটৰ জৰিয়তে ৩৫ লাখৰো অধিক লোক উপকৃত হৈছে বুলি তেওঁ কয়।

আজিৰ উক্ত বৈঠকত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দত্ত, সিদ্ধাৰ্থ ভট্টচাৰ্য, মন্ত্ৰী ৰিহন দৈমাৰী, পীযুষ হাজৰিকা, নৱকুমাৰ দলে, মুখ্য সচিব আলোক কুমাৰ আৰু বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।