NORTHEAST NOW (Assamese)
অসম

তাৰকা বক্সাৰ যমুনা আৰু লাভলিনাক মুখ্য মন্ত্ৰীৰ সম্বৰ্দ্ধনা; ২০ লাখ টকাৰ চেক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 22, 2019 9:48 pm

আজি সৰুসজাইস্থিত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ড’ৰ ষ্টেডিয়ামত বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক প্ৰাপ্ত যমুনা বড়ো আৰু লাভলিনা বৰগোঁহাইক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

সম্বৰ্ধনা অনুষ্ঠানত মুখ্য মন্ত্ৰীয়ে দুয়োগৰাকী বক্সাৰক ২০ লাখ টকাৰ আৰ্থিক অনুদানৰ চেক প্ৰদান কৰে।

এই উপলক্ষে আসাম এমেছাৰ বক্সিং এছ’চিয়েশ্যনৰ সহযোগত স্পৰ্ষ্ট অথ’ৰিটি অৱ আসামে আয়োজন কৰা সভাত ভাষণ প্ৰদান কৰি সোণোৱালে কয় যে দুয়োগৰাকী খেলুৱৈৰ সফলতাই অসমবাসীক গৌৰৱান্বিত কৰিছে।

লগতে পঢ়ক : বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক বিজয়ী লাভলিনা,যমুনাক গুৱাহাটী বিমান বন্দৰত উষ্ম আদৰণি

সম্বৰ্দ্ধনা অনুষ্ঠানত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, আসাম এমেছাৰ বক্সিং এছ’চিয়েশ্যনৰ সভাপতি কালীকান্ত বড়ো, ক্ৰীড়া বিভাগৰ প্ৰধান সচিব অবিনাশ যোশীকে ধৰি বহুকেইগৰাকী উচ্চপদস্থ বিষয়া, খেলুৱৈ আৰু ক্ৰীড়া সংগঠক উপস্থিত আছিল।

ইয়াৰ পূৰ্বে অসমৰ এই দুই তাৰকা বক্সাৰক আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ সময়ত ক্ৰীড়া প্ৰেমীসকলে বেনাৰ পোষ্টাৰ লৈ উষ্ম আদৰণি জনায়।