মুখ্য মন্ত্ৰীয়ে উদ্বোধন কৰিলে টি জি বৰুৱা মেম’ৰিয়েল মিডিয়া টি-২০ ক্ৰিকেট টুৰ্ণামেণ্ট

গুৱাহাটীৰ জজ খেলপথাৰত আজিৰ পৰা সপ্তম টি জি বৰুৱা মেম’ৰিয়েল মিডিয়া টি-২০ ক্ৰিকেট টুৰ্ণামেণ্ট আৰম্ভ হৈছে। টুৰ্ণামেণ্ট উদ্বোধন কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
উদ্বোধনী সভাত সোণোৱালে কয়, ‘ক্ৰীড়া, শিক্ষা আৰু সংস্কৃতি হ’ল মানুহৰ জীৱনৰ অন্যতম অংগ। জীৱনত এই তিনিটা উপাদানৰ সমাহাৰে সমাজক ইতিবাচক শক্তি প্ৰদান কৰাৰ উপৰি মানৱীয় প্ৰমূল্যবোধ সুদৃঢ় কৰাৰ দিশটো বিশেষভাৱে অৰিহণা যোগায়।
সাংবাদিকসকলে প্ৰয়াত টি জি বৰুৱাৰ নামত এই টি-২০ ক্ৰিকেট টুৰ্ণামেণ্টখন আয়োজন কৰাৰ বাবে লোৱা পদেক্ষেপৰ শলাগ লৈ মুখ্য মন্ত্ৰীয়ে কয় যে এই টুৰ্ণামেণ্টখনে উঠি অহা প্ৰজন্মক ক্ৰীড়াক এক অন্যতম বৃত্তি হিচাপে গ্ৰহণ কৰাৰ দিশত অনুপ্ৰেৰণা প্ৰদান কৰাৰ উপৰি ৰাজ্যখনত এক ক্ৰীড়াসুলভ বাতাবৰণৰ সৃষ্টি কৰাৰ দিশটো অৰিহণা যোগাব।
ভাষণ প্ৰসংগত তেওঁ প্ৰয়াত টি জি বৰুৱাই ৰাজ্যখনৰ সংবাদসেৱা আৰু জীৱনত আগবঢ়াই যোৱা বৰঙণি সমূহৰো শ্ৰদ্ধাৰে স্মৰণ কৰে। উদ্বোধনী অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ তপন কুমাৰ গগৈ, অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, প্ৰাক্তন ক্ৰিকেট খেলুৱৈ ৰাজেশ বৰাৰ উপৰি বহুকেইগৰাকী জ্যেষ্ঠ সাংবাদিক উপস্থিত থাকে।