NORTHEAST NOW (Assamese)
অসম

ভোগেশ্বৰ বৰুৱাৰ নামত ৰাজ্যত স্থাপন হ’ব প্ৰথমখন ৰাজ্যিক ক্ৰীড়া বিদ্যালয়

Posted by: এন ই নাও নিউজ February 26, 2019 12:20 pm
- cm unveiling Bhogeswar Baruah State Sports School (1)

সোমবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ চৌহদত ভোগেশ্বৰ বৰুৱা ৰাজ্যিক ক্ৰীড়া বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্যখনত পোন প্ৰথমবাৰৰ বাবে ক্ৰীড়া শিতানত স্থাপন হ’ব লগীয়া এই ক্ৰীড়া বিদ্যালয়খন ২০ বিঘা ভূমিত নিৰ্মাণ কৰা হ’ব।

উক্ত প্ৰতিষ্ঠানটোৱে ছয়বিধ ক্ৰীড়া শাখাৰ পাঠ্যক্ৰম আৰু ক্ৰীড়া অনুশীলন আগবঢ়াব। খেল কেইবিধ হৈছে এথলেটিকছ, বক্সিং, ফুটবল, ভাৰোত্তোলন, আৰ্চাৰী আৰু টাইকোৱানডো।

সোমবাৰৰ এই অনুষ্ঠানতে মুখ্য মন্ত্ৰী সোণোৱালে ক্ৰীড়াৰ ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ১৬ গৰাকী ক্ৰীড়াবিদক মুখ্য মন্ত্ৰীৰ ক্ৰীড়া বঁটা-২০১৯ প্ৰদান কৰে। এই বঁটাত নগদ ১.৫ লাখ টকাৰ লগতে এখন প্ৰশস্তি পত্ৰও প্ৰদান কৰা হয়।

আনহাতে ‘খেলো ইণ্ডিয়া য়ুথ গেইমছ’ত পদক অৰ্জন কৰা ৰাজ্যৰ ১১ গৰাকী ক্ৰীড়াবিদকো সোমবাৰৰ অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। তদুপৰি জয়ন্ত বড়োক প্ৰদান কৰে শ্ৰেষ্ঠ ক্ৰীড়া সংগঠকৰ বঁটা।

অনুষ্ঠানত মুখ্য মন্ত্ৰী সোণোৱালে নিজৰ ভাষণ প্ৰসংগত কয় যে ক্ৰীড়াই সদাই শান্তি-সম্প্ৰীতি অটুট ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ক্ৰীড়াৰ প্ৰচুৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ডিব্ৰুগড়ৰ চাবুৱাত ক্ৰীড়া বিশ্ববিদ্যালয়, কোকৰাঝাৰত ক্ৰীড়া মহাবিদ্যালয় আৰু গুৱাহাটীত ক্ৰীড়া বিদ্যালয় স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

অনুষ্ঠানত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, চাহ জনজাতি কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পল্লৱলোচন দাস, অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ লগতে বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।