NORTHEAST NOW (Assamese)
অসম

মঙলবাৰে কাজিৰঙালৈ যাব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল; অংশ ল’ব আধাৰশিলা স্থাপন কাৰ্যসূচীত

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া October 29, 2018 11:55 am
IMG_20180918_164644

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৩০ অক্টোবৰ অৰ্থাৎ মঙলবাৰে বোকাখাতৰ ধনশিৰি মুখত বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণ অসমৰ অধীনত অসম চৰকাৰৰ জলসম্পদ বিভাগৰ দ্বাৰা ৰূপায়ন কৰিবলৈ লোৱা কাজিৰঙা উপ প্ৰকল্পৰ, ২য় পৰ্য্যায়ৰ আঁচনিৰ আধাৰশিলা স্থাপন কৰিব।

দিনৰ ১২ বজাত অনুষ্ঠিত হ’ব লগা এই আধাৰশিলা স্থাপন অনুষ্ঠানত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা বিত্ত আৰু গড়কাপ্তানী বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বোকাখাত সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা, জলসম্পদ বিভাগৰ মন্ত্ৰী  কেশৱ মহন্তৰ লগতে অসম চৰকাৰৰ কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া উপস্থিত থাকিব।

উল্লেখযোগ্য যে, সংহত বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্ৰকল্প, অসমৰ অধীনত এছিয়ান ডেভলপমেন্ট বেংকৰ পুজিৰ প্ৰাক্ কলন ৫৮. ৯৬ কোটি টকাৰে  উক্ত আচঁনিৰ কাম আৰম্ভ কৰা হ’ব।

ইফালে এই প্ৰকল্পৰ জৰিয়তে ধনশিৰি মুখৰ পৰা উন্নত মানৰ মথাউৰি আৰু পথ নিৰ্মানেৰে কাজিৰঙাৰ দক্ষিণ পূব অঞ্চলৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ তৃতীয় সংযোজনৰ ডিফলু নদীকো স্পৰ্শ কৰা হ’ব বুলি জানিব পৰা গৈছে।