NORTHEAST NOW (Assamese)
অসম

সীমান্তত অসম আৰক্ষীৰ লোকক হত্যা কৰাৰ পাছত মিজোৰাম আৰক্ষী,গুণ্ডা বাহিনীৰ ‘চেলিব্ৰেশ্যন’!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 27, 2021 1:33 pm
Mizoram-Police-750x375

অসম আৰক্ষীৰ লোকক হত্যা কৰা আৰু বহুজন আহত হোৱাৰ পাছত মিজোৰাম আৰক্ষী আৰু গুণ্ডা বাহিনীয়ে ‘চেলিব্ৰেশ্যন’ কৰা কাৰ্যক ‘দুৰ্ভাগ্যজনক তথা ভয়ংকৰ’ বুলি অভিহিত কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ টুইটাৰত সোমবাৰে নিশা এটা ভিডিঅ’ শ্বেয়াৰ কৰি এই মন্তব্য কৰে য’ত দেখা গৈছে যে অসম-মিজোৰাম সীমান্তত সংঘটি সংঘৰ্ষত অসম আৰক্ষীৰ লোকক হত্যা কৰাৰ পাছত মিজোৰাম আৰক্ষী আৰু একাংশ লোকে উদযাপন কৰা দেখা গৈছে।

‘’অসমৰ ৫গৰাকী আৰক্ষীৰ লোক আৰু বহুজনক আহত কৰাৰ পাছত, এয়া কেনেকৈ মিজোৰাম আৰক্ষী তথা গুণ্ডাবাহিনীয়ে উদযাপন কৰিছে-দুৰ্ভাগ্যজনক আৰু ভয়ংকৰ,’’-মুখ্যমন্ত্ৰী শৰ্মাই টুইট কৰিছে।

আন এটা টুইটত মুখ্যমন্ত্ৰী শৰ্মাই দাবী কৰে যে মিজোৰাম আৰক্ষীয়ে অসম আৰক্ষীৰ বিৰুদ্ধে লঘু মেচিনগান ব্যৱহাৰ কৰাৰ প্ৰমান আছে যিটোৱে আন্ত:ৰাজ্যিক সীমান্তত ‘উদ্দেশ্য তথা পৰিস্থিতিৰ গভীৰতাৰ মাত্ৰা’ স্পষ্ট কৰে।

মুখ্যমন্ত্ৰী শৰ্মাই মিজোৰামৰ সৈতে সীমান্তৰ সুৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা ছয়গৰাকী অসম আৰক্ষী মৃত্যুত শোক প্ৰকাশ কৰে।