NORTHEAST NOW (Assamese)

বিশিষ্ট অধিবক্তা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাম জেঠমালানীৰ মৃত্যুত মুখ্য মন্ত্ৰীৰ শোক প্ৰকাশ

September 8, 2019 7:33 pm · এন ই নাও নিউজ
ৰাম জেঠমালিনী, ফটো ইণ্টানেটৰ পৰা লোৱা

আইন আৰু ন্যায়, নগৰ উন্নয়ন দপ্তৰৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিশিষ্ট অধিবক্তা ৰাম জেঠমালানীৰ বিয়োগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে।

আজি এক শোকবাৰ্তাত সোণোৱালে কয়, ‘দেশৰ ন্যায় ব্যৱস্থাটোক গতিশীল কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা বিশিষ্ট আইনজ্ঞ ৰাম জেঠমালানীৰ বিয়োগ আমাৰ দেশৰ বাবে অপূৰণীয় ক্ষতি’।

লগতে পঢ়ক দেশৰ প্ৰসিদ্ধ অধিবক্তা ৰাম জেঠমালানীৰ ৯৫ বছৰ বয়সত দেহাৱসান

প্ৰয়াত জেঠমালানীয়ে ভাৰতৰ ন্যায় ব্যৱস্থাটোক জনমুখী কৰাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে আৰু কয়, ‘অটল বিহাৰী বাজপেয়ীৰ মন্ত্ৰী সভাত এইগৰাকী ৰাজনীতিকে বহু কেইটা বিভাগ সূচাৰুৰূপে চলাই দেশলৈ অনৱদ্য সেৱা আগবঢ়াই গৈছে।‘

তেওঁৰ মৃত্যুত ৰাষ্ট্ৰই এগৰাকী তীক্ষ্ণ মেধাসম্পন্ন আৰু দূৰদৰ্শী নেতাক হেৰুৱালে বুলি মন্তব্য কৰি প্ৰয়াত জেঠমালানীৰ শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

Related News