NORTHEAST NOW (Assamese)
অসম

অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আক্ৰমণ বিজেপি কৰ্মীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 21, 2024 5:40 pm
Bhupen Borah

ভাৰত জোড়ো ন্যায় যাত্ৰাত অংশ লৈ থকাৰ সময়তে আজি বিজেপি কৰ্মীৰ আক্ৰমণৰ সন্মুখীন হৈছে অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক।

শোণিতপুৰ জিলাৰ জামুগুৰিহাট অঞ্চলত বিজেপি কৰ্মীৰ এটা দলে কংগ্ৰেছ সভাপতিগৰাকীক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

এই আক্ৰমণত ভূপেন বৰা আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।

লক্ষণীয়ভাৱে কিছু সময় পূৰ্বে জামুগুৰিহাটতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশক আক্ৰমণ কৰিছিল একাংশ বিজেপি কৰ্মীয়ে।