NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ৰ’নাৰ ফলত মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা; বিগত ২৪ ঘণ্টাত চাৰিগৰাকী ব্যক্তিৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 23, 2020 8:29 am

অসমত পুনৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত দৈনিক মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা বৃদ্ধি পাইছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যখনত পুনৰ ক’ৰ’নাৰ সংক্ৰমণত চাৰিগৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱাবলগীয়া হয়।

ইয়াৰ ফলত অসমত বৰ্তমানলৈ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা ব্যক্তিৰ সংখ্যা ১০২৪ গৰাকীলৈ বৃদ্ধি পায়।

মঙলবাৰে ৰাজ্যত ক’ৰ’নাৰ সংক্ৰমণত প্ৰাণ হেৰুওৱা ব্যক্তি সকল হৈছে ক্ৰমে-যোৰহাটৰ উপেন বৰা(৭৪), বিশ্বনাথৰ অঞ্জলি দাস(৬৫), গোৱালপাৰাৰ অশোক কুমাৰ দাস(৫৯) আৰু শোণিতপুৰৰ পুষ্প দেৱী দুধেৰিয়া(৮৪)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা প্ৰকাশ কৰি মৃত্যু হোৱা ব্যক্তি কেইগৰাকীৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

আনাহাতে, বিগত ২৪ ঘণ্টাত অসমত সম্পন্ন হোৱা ২৩১৬৪ টা ক’ৰ’নাৰ পৰীক্ষাৰ ভিতৰত ৭৫ গৰাকী ব্যক্তিৰ শৰীৰত ক’ৰ’নাৰ উপস্থিতি ধৰা পৰে।

কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৩১ গৰাকী ব্যক্তিৰ শৰীৰত ক’ৰ’নাৰ উপস্থিতি ধৰা পৰে।

ইপিনে, ১১৩ গৰাকী ব্যক্তিক বিভিন্ন কোভিড কেয়াৰ কেন্দ্ৰৰ পৰা বিগত ২৪ ঘণ্টাত ক’ৰ’না মুক্ত ঘোষণা কৰি মুক্তি দিয়া হয়।

অসমত এতিয়ালৈ মুঠ ২১৫৫৮৫ গাৰকী ব্যক্তি ক’ৰ’না প’জিটিভ হোৱাৰ বিপৰীতে ২১১০৭৫ গৰাকী ব্যক্তি চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।

ৰাজ্যত বৰ্তমান ৩৪৮৩ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে।