NORTHEAST NOW (Assamese)
অসম

অসমত কোভিড সংক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা ১০০০ স্পৰ্শ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 11, 2020 9:06 pm
COvid death

অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাই আজি ১০০০ স্পৰ্শ কৰিছে।

আজি ৰাজ্যত পুনৰ এগৰাকী ব্যক্তিৰ কোভিডৰ সংক্ৰমণৰ ফলত মৃত্যু হয় বুলি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াযোগে প্ৰকাশ কৰে।

কোভিডৰ সংক্ৰমণৰ ফলত আজি মৃত্যু হোৱা ব্যক্তি গৰাকী হৈছে কামৰূপ মহানগৰ জিলাৰ ৱাজিদা বিবি(৫২)।

উল্লেখযোগ্য যে, দেশত কোভিড সংক্ৰমণ আৰম্ভ হোৱাৰ পাছত অসমত বিগত এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহত প্ৰথম গৰাকী ব্যক্তিয়ে কোভিডত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰিছিল।

বিগত আঠ মাহৰ ভিতৰত ৰাজ্যত কোভিডৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা এগৰাকীৰ পৰা এহাজাৰ গৰাকীলৈ বৃদ্ধি পালে।

অসমত বৰ্তমানলৈ ২ লাখ ১৪ হাজাৰতকৈয়ো অধিক লোক কোভিডৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে ২ লাখ ৯ হাজাৰতকৈয়ো অধিক লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।

ৰাজ্যৰ জিলা সমূহৰ ভিতৰত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক সংখ্যক ব্যক্তি কোভিড প’জিটিভ হৈছে আৰু এই ভাইৰাছৰ বিধৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে।

অসমত কোভিডৰ পৰা আৰোগ্য লাভৰ হাৰ হৈছে প্ৰায় ৯৮ শতাংশ।