NORTHEAST NOW (Assamese)
অসম

অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৮০২ গৰাকীলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 9, 2020 10:43 pm
COVID19-negative-1140x570

আজি অসমত পুনৰ ৮ গৰাকী লোকে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাবলগীয়া হয়।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এইকথা প্ৰকাশ কৰে। ইয়াৰ ফলত ৰাজ্যত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৮০২ গৰাকীলৈ বৃদ্ধি পায়।

আজি ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা ব্যক্তিসকল হৈছে ক্ৰমে- শিৱসাগৰৰ বিশ্বজ্যিৎ গগৈ(৪৭), ডিব্ৰুগড়ৰ তৰুণ গগৈ(৫৯), চৰাইদেউৰ লখিন্দৰ লোহাৰ(৫৫), ডিব্ৰুগড়ৰ খিৰুদ দত্ত(৬০),কামৰূপ মেট্ৰ’ জিলাৰ বাসুদেৱ ৰয়(৬৫), শোণিতপুৰ জিলাৰ কেদাৰ সিং চুব্বা(৫৪), নগাঁৱৰ শ্ৰীৰাম মোৰে (৭৪) আৰু ডিব্ৰুগড়ৰ গুলচান বেগম(৫৬)।

হিমন্ত বিশ্ব শৰ্মাই ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা আটাইকেইগৰাকী ব্যক্তিৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

আনহাতে, আজি ৰাজ্যত ২০৬৮ গৰাকী লোকক চিকিৎসাৰ অন্তত ক’ৰ’না মুক্ত বুলি ঘোষণা কৰা হয়। ইয়াৰ ফলত ৰাজ্যত ক’ৰ’নাৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা  ১৬১৯০১ গৰাকীলৈ বৃদ্ধি পায়।

অসমত বৰ্তমানলৈ ১৯২৪১৬ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। বৰ্তমান ৰাজ্যত ২৯৭১০ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে।