NORTHEAST NOW (Assamese)
অসম

অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৮২৬ গৰাকীলৈ বৃদ্ধি; আজি নতুনকৈ ১৫২১ গৰাকী লোক প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 12, 2020 10:30 pm

অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ তাণ্ডৱ অব্যাহত আছে। আজিৰ দিনটোত ৰাজ্যত পুনৰ ১০ গৰাকী লোকে ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাবলগীয়া হয়।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়া যোগে এই কথা প্ৰকাশ কৰে।

আজি অসমত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত ১০ গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ লগে লগে অসমত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৮২৬ গৰাকীলৈ বৃদ্ধি পায়।

আজি ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোক সকল হ’ল ক্ৰমে- তিনিচুকীয়াৰ দেৱজানী ৰাজখোৱা(৭০), ডিব্ৰুগড়ৰ ৰেণু দাস(৭৫), লখিমপুৰৰ উনান্দ মেদক (৫১), কামৰূপ মেট্ৰ’ৰ টি এইচ টাম্পাকলেইমা(৫০), গোৱালপাৰাৰ নিবাৰণ কচাৰী(৬৩), গোলাঘাটৰ ৰমেশ শৰ্মা(৬৫), যোৰহাটৰ হেম বৰুৱা (৬২), দক্ষিণ শালমাৰাৰ ৰৌশানাৰা বেগম(৪০), কামৰূপ মেট্ৰ’ৰ অনিতা কলিতা(৬৫) আৰু ৱাজিদুৰ ৰহমান(৮৫)।

স্বাস্থ্য মন্ত্ৰী শৰ্মাই মৃত্যু হোৱা আটাইকেইগৰাকী লোকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

আনহাতে, অসমত আজি পুনৰ ১৫২১ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। আজি সম্পন্ন কৰা মুঠ ১০৭৯০০ টা পৰীক্ষাৰ ভিতৰত মাত্ৰ ১৫২১ গৰাকী লোক ক’ৰ’না প’জিটিভ হয়।

অসমত বৰ্তমানলৈ মুঠ ১৯৫৫৩০৪ গৰাকী লোক ক’ৰ’না প’জিটিভ হৈছে আৰু ১৬৬০৩৬ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা সুস্থ হৈ উঠে।

আজি ৰাজ্যত ১৪৫৭ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’না মুক্ত হৈ উঠে।