NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৯২৩ গৰাকীলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 29, 2020 9:26 pm
COVID19-image-credit-Odishatv-750x375

অসমত আজি ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত পুনৰ ছয়গৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়।

ইয়াৰ ফলত ৰাজ্যত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা মুঠ লোকৰ সংখ্যা ৯২৩ গৰাকীলৈ বৃদ্ধি পায়।

আজি প্ৰাণ হেৰুওৱা লোকসকল হ’ল ক্ৰমে- লখিমপুৰৰ ৰেণু দেউৰী(৫৪), নগাঁৱৰ দিম্বেশ্বৰ শইকীয়া(৮২) আৰু ফুলেশ্বৰী বৰা(৬১), শিৱসাগৰৰ হিৰা গগৈ(৬৫), কোকৰাঝাৰৰ লখিন্দাৰ মুছাহাৰী(৪৬), বিশ্বনাথৰ মধু চবৰ(৬৪)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা আটাইকেইগৰাকী লোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

আনহাতে, আজি ৰাজ্যত পুনৰ ৩৯৮ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। আজি স্বাস্থ্য বিভাগে সম্পন্ন কৰা ২৮৩০২ টা পৰীক্ষাৰ ভিতৰত ৩৯৮ গৰাকী লোক কোভিড প’জিটিভ হয়।

বৰ্তমানলৈ অসমত ২০৫৬৩৫ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে ১৯৩৫৭১ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা আৰোগ্য হৈ উঠিছে।