NORTHEAST NOW (Assamese)
Popular Stories

সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল এ আই ইউ ডি এফ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 17, 2023 4:05 pm
সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল এ আই ইউ ডি এফ

দেওবাৰে অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰে।

দলৰ সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামে সংবাদ মাধ্যমক এই বিষয়ে অৱগত কৰিছে।

ইছলামে কয়, ‘নিৰ্বাচন আয়োগক দিয়া সীমা নিৰ্ধাৰণ ক্ষমতাক প্ৰত্যাহ্বান জনাই আমি উচ্চতম ন্যায়ালয়লৈ প্ৰস্তাৱ আগবঢ়াইছোঁ।

এ আই ইউ ডি এফৰ নেতাগৰাকীয়ে কয় যে নিৰ্বাচন আয়োগৰ পৰিবৰ্তে সীমা নিৰ্ধাৰণ আয়োগে পূৰ্বৰ দৰেই সীমা নিৰ্ধাৰণৰ অনুশীলন চলাব লাগে।

ইছলামে লগতে কয়, ‘‘বিজেপিৰ উপকাৰৰ বাবে এই খচৰা সীমা নিৰ্ধাৰণ প্ৰস্তাৱ প্ৰস্তুত কৰা হৈছে, যাতে অসমত আগন্তুক লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত বিজেপিয়েই জয়লাভ কৰে।”

উল্লেখ্য যে এ আই ইউ ডি এফৰ উপৰিও অসমৰ আন কেইবাটাও বিৰোধী দলেও ৰাজ্যৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াক লৈ আপত্তি উত্থাপন কৰিছে।