NORTHEAST NOW (Assamese)
অসম

এ পি এছ চিৰ তদন্তৰ আওতালৈ ন্যায়াধীশ আৰু তেওঁৰ পত্নীক অনাৰ ইংগিত ডি জি পি শইকীয়াৰ

Posted by: মুকুট দাস September 23, 2018 11:24 pm
Assam DGP Kuladhar Saikia

পৰ্যাপ্ত তথ্য প্ৰমাণ পালেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ আৰু তেওঁৰ পত্নীক এ পি এছ চি কেলেংকাৰিৰ সন্দৰ্ভত তদন্তৰ আওতালৈ অনা হ’ব বুলি অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান কুল শইকীয়াই আজি সাংবাদিকৰ আগত ইংগিত দিয়ে।

উল্লেখযোগ্য যে এ পি এছ চি কেলেংকাৰিৰ তদন্ত কৰা আৰক্ষীয়ে যোৱা ১৮ ছেপ্তেম্বৰত দাখিল কৰা চাৰ্জশ্বীটত নাম উল্লেখ নকৰাকৈ এজন ন্যায়াধীশৰ (ন্যায়িক বিষয়াই) পত্নীৰ হাতত দালালে ১ কোটি টকা ঘোচ দিয়া বুলি উল্লেখ কৰিছিল।

শনিবাৰে অখিল গগৈয়ে এক সংবাদমেলত উক্ত চাৰ্জশ্বীটত ন্যায়াধীশ আৰু তেওঁৰ পত্নীৰ নাম উল্লেখ নথকা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰাৰ লগতে কিয় তেওঁলোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি প্ৰশ্ন তোলিছিল।

ইয়াৰ পিছতে আজি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ডি জি পি শইকীয়াই উক্ত ন্যায়াধীশ আৰু তেওঁৰ পত্নীক তথ্য প্ৰমাণ পালে তদন্তৰ আওতালৈ অনা হ’ব বুলি উল্লেখ কৰি কয়, ‘আৰক্ষীৰ তদন্ত এতিয়াও শেষ হোৱা নাই, আৰক্ষীয়ে তদন্ত চলাই আছে। এতিয়ালৈকে আংশিক অভিযোগনামাহে দাখিল কৰা হৈছে।‘

তদন্তৰ পৰৱৰ্তী পৰ্যায়ত চাৰ্জশ্বীটত আৰু অধিক লোকৰ নাম সন্নিৱিষ্ট হ’ব পাৰে বুলিও তেওঁ লগতে সদৰী কৰে।