NORTHEAST NOW (Assamese)

ওদালগুৰিৰ খচৰা ভোটাৰ তালিকা; মুঠ ৯১৭০ গৰাকীৰ ভিতৰত ৬৯২ গৰাকীক ‘ডি’ ভোটাৰৰ পৰা মুক্ত

September 16, 2018 12:38 pm · ছাজিদ খান

উপায়ুক্তৰ সভাকক্ষত শনিবাৰে অনুষ্ঠিত এক সংবাদমেলত ওদালগুৰি জিলাৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত খচৰা ভোটাৰ তালিকা-২০১৮ খন প্ৰকাশ কৰা হয়।

সংবাদমেলখনত ওদালগুৰি জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া দিলীপ কুমাৰ দাসে জিলাখনৰ তিনিটা বিধানসভা সমষ্টি, ক্ৰমে ৬৪ নং পানেৰীত পুৰুষ ৭২,৩৭৯, মহিলা ৬৯,০৮০গৰাকী ভোটাৰসহ মুঠ ১,৪১,৪৫৯ গৰাকী ভোটাৰ, ৬৯ নং ওদালগুৰি সমষ্টিত পুৰুষ ৭২,৬৫৭, মহিলা ৭০,৩৯৯ গৰাকী ভোটাৰসহ মুঠ ১,৪৩০৫৬ গৰাকী আৰু ৭০ নং মাজবাট বিধানসভা সমষ্টিত পুৰুষ ৭৪,০৪০, মহিলা ৬৯,২১৭গৰাকী ভোটাৰসহ মুঠ ১,৫৩,২৫৭ গৰাকী ভোটাৰৰ নাম খচৰাত অন্তৰ্ভুক্ত হৈছে বুলি সদৰী কৰে।

আনহাতে সংবাদমেলত নিৰ্বাচনী বিষয়া গৰাকীয়ে অতিৰিক্ত নিৰ্বাচনী বিষয়া অমৰজ্যোতি বৰ্মন আৰু অতিৰিক্ত উপায়ুক্ত প্ৰাঞ্জল দাসৰ উপস্থিতিত জিলাখনৰ মুঠ ৯১৭০ গৰাকী ‘ডি’ ভোটাৰৰ ভিতৰৰ ৬৯২ গৰাকীৰ গোচৰ নিষ্পত্তিৰ পিছত মুঠ ‘ডি’ ভোটাৰৰ সংখ্যা ৮৪৭৮ গৰাকী হোৱা বুলি জানিবলৈ দিয়ে।

তাৰোপৰি প্ৰকাশিত খচৰা ভোটাৰ তালিকাৰ সন্দৰ্ভত দাবী আৰু নিষ্পত্তিৰ বাবে ১৫ ছেপ্টেম্বৰৰ পৰা ৩১ অক্টোবৰলৈ আৱেদনৰ দিন ধাৰ্য কৰি দিয়াৰ উপৰি এই দাবী নিষ্পত্তি ৩০ নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পাছত অহা ২০১৯ চনৰ ৪ জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব বুলিও শনিবাৰৰ সংবাদমেলতে জিলা নিৰ্বাচনী বিষয়া দিলীপ কুমাৰ দাসে সদৰী কৰে ৷

Related News