NORTHEAST NOW (Assamese)
অসম

কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক পদত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপক

Posted by: এন ই নাও নিউজ September 21, 2018 12:12 am
কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক পদত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপক

গুৱাহাটীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপিকা ড০ মৌচুমী বৰুৱাক ৰাজ্যৰ কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ ভাৰপ্ৰাপ্ত সঞ্চালক ৰূপে নিযুক্তি দিয়া হৈছে।

ড০ বৰুৱা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কম্পিউটাৰ এপ্লিকে’চন বিভাগৰ অধ্যাপিকা।

পূৰ্বৰ সঞ্চালক কৃষ্ণা গোহাঁইৰ স্থানত ড০ বৰুৱাক অস্থায়ীভাৱে এই পদত যোৱা মঙলবাৰে নিযুক্তি দিয়া হৈছে। এই সন্দৰ্ভত ATE.21/2009/85 নং এক জাননী জাৰি কৰিছে অসম চৰকাৰৰ উচ্চ শিক্ষা (কাৰিকৰী) বিভাগৰ যুটীয়া সচিব অঞ্জলী শইকীয়া বৰুৱাই।

পূৰ্বে এই দায়িত্বত থকা অসম চৰকাৰৰ উচ্চ শিক্ষা (কাৰিকৰী) বিভাগৰ সচিব আই এ’ এছ বিষয়া কৃষ্ণা বৰুৱাক এই পদৰ পৰা অব্যাহতি দিয়া হৈছে।