NORTHEAST NOW (Assamese)
অসম

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত পানীৰ হাহাকাৰ: পুঁজি যোগানত ব্যৰ্থ ৰাজ্য চৰকাৰক এছ এফ আইৰ ধিক্কাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 22, 2025 9:30 pm

ৰাজ্যৰ অন্যতম শ্ৰেষ্ঠ কাৰিকৰী শিক্ষানুষ্ঠান অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ (AEC) ৩ নং ছাত্ৰাৱাসত বিগত ১২ দিন ধৰি পানীৰ যোগান বন্ধ হৈ থকা আৰু আজি ছাত্ৰসকলে প্ৰতিবাদ কৰিবলগীয়া হোৱা ঘটনাই ৰাজ্য চৰকাৰৰ ফোপোলা স্বৰূপ উদঙাই দিছে। এই ঘটনাৰ বাবে ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI), অসম ৰাজ্যিক কমিটিয়ে ৰাজ্য চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা দিছে।

ছাত্ৰাৱাসটোৰ পানীৰ পাম্প আৰু ডিপ টিউবৱেল বিকল হোৱাৰ ফলত প্ৰায় ৭০-৮০ জন ছাত্ৰই যোৱা ১২ দিন ধৰি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। পৰীক্ষাৰ বতৰত ছাত্ৰসকলে পঢ়া-শুনা বাদ দি পানীৰ সন্ধানত বাহিৰত ঘূৰি ফুৰিবলগীয়া হোৱাটোৱে মহাবিদ্যালয়খনৰ প্ৰশাসনিক ব্যৰ্থতাকে উদঙাই দিছে।

মহাবিদ্যালয় কৰ্তৃপক্ষই পানীৰ পাম্প মেৰামতিৰ বাবে ‘পুঁজিৰ অভাৱ’ (Lack of Funds) হোৱা বুলি দিয়া মন্তব্যই প্ৰমাণ কৰে যে ৰাজ্য চৰকাৰে চৰকাৰী শিক্ষানুষ্ঠানসমূহক তিল তিলকৈ ধ্বংস কৰিব বিচাৰিছে। চৰকাৰে বিভিন্ন উৎসৱ-পাৰ্বনত কোটি কোটি টকা খৰচ কৰে, অথচ ছাত্ৰাৱাসত পানীৰ দৰে মৌলিক সুবিধা দিবলৈ চৰকাৰৰ হাতত ধনৰ অভাৱ হোৱাটো লজ্জাজনক। পি.ডব্লিউ.ডি (PWD) বিভাগ আৰু চৰকাৰৰ এই অৱহেলাৰ বাবে পৰীক্ষাৰ সময়ত ছাত্ৰসকলে চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে।

এছ এফ আই এ য়ে দাবী জনায় যে চৰকাৰে AEC ৰ আন্তঃগাঁথনি উন্নয়ন আৰু মেৰামতিৰ বাবে তাৎক্ষণিকভাৱে পৰ্যাপ্ত পুঁজি মুকলি কৰক।
আৰু যুদ্ধকালীন তৎপৰতাৰে ছাত্ৰাৱাসৰ পানী যোগান ব্যৱস্থা স্বাভাৱিক কৰক ।