NORTHEAST NOW (Assamese)
অসম

লেকমি ফেশ্বন উইক-২০১৯ত উজলিছে অসমৰ প্ৰতিভাৱান ফেশ্বন ডিজাইনাৰ মঞ্জুশ্ৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 24, 2019 10:33 am
5b-750x375

অসমৰ ফেশ্বন ডিজাইনাৰ মঞ্জুশ্ৰী শইকীয়াই লেকমি ফেশ্বন উইক-২০১৯ৰ প্ৰথম দিনটোত দেশৰ শীৰ্ষৰ ছয়গৰাকী ফেশ্বন ডিজাইনাৰৰ সৈতে একেলগে নিজৰ ডিজাইন প্ৰদৰ্শনেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে।

অসমৰ উত্তৰ লখিমপুৰৰ পৰা অহা প্ৰতিভাৱান ফেশ্বন ডিজাইন গৰাকীয়ে দেশৰ আগশাৰীৰ ফেশ্বন সমাৰোহখনিত অংশগ্ৰহণেৰে নিজৰ যোগ্যতাৰ পৰিচয় তুলি ধৰিছে।

ফেশ্বন সমাৰোহখনিত শইকীয়াই অসমৰ এৰি, মুগা, মালবেৰী আৰু চান্দেৰি চিল্কৰ সংমিশ্ৰণেৰে আটকধুনীয়াকৈ ডিজাইন কৰা পোছাকেৰে প্ৰতিনিধিত্ব কৰে।

5-16-1140x1425
ৰেম্পত মঞ্জুশ্ৰী শইকীয়াৰ ডিজাইনেৰে এগৰাকী মডেল

অসমৰ ডিজাইনাৰ গৰাকীয়ে প্ৰস্তুত কৰা পোছাকে মুগ্ধ কৰে কীৰ্তি চেনন, কাৰ্তিক আৰয়ান আৰু ছানিয়া মিৰ্জা আদিৰ দৰে চেলিব্ৰেটিসকলক।

লেকমি ফেশ্বন উইকৰ প্ৰথমটো দৰ্শনীৰ নামকৰণ কৰা হৈছে জেননেক্স ৰানৱে প্ৰোগৰাম হিচাপে।

লেকমি ফেশ্বন উইকৰ প্ৰথমটো দৰ্শনীত অংশগ্ৰহণ কৰা ছয়গৰাকী ফেশ্বন ডিজাইনাৰক ইণ্টাৰনেশ্যনেল ইষ্টিটিউট অব ফেশ্বন ডিজাইন জেন নেক্সৰ পৰামৰ্শ সমিতিয়ে নিৰ্বাচন কৰে।

অসমৰ মঞ্জুশ্ৰী শইকীয়াৰ উপৰিও প্রথমটো দৰ্শনীত অংশগ্ৰহণ কৰা ফেশ্বন ডিজাইনাৰ সকল হ’ল অংকিতা শ্ৰীবাস্তৱ, গৌৰৱ সিং, চাহিব ভাটিয়া, ষ্টানজিন পালমো আৰু আকাংশা আগৰৱাল।

মঞ্জুশ্ৰী শইকীয়া নেশ্যনেল ইষ্টিটিউট অব ফেশ্বন টেকনলোজি, মুম্বাইৰ প্ৰাক্তন ছাত্ৰী।

মঞ্জুশ্ৰী শইকীয়াই ইয়াৰ পূৰ্বেও এৰি, মুগাৰে জেকেট, ট্ৰাউজাৰ আদি ডিজাইন কৰি প্ৰসংশা বুটলিবলৈ সক্ষম হৈছে।