NORTHEAST NOW (Assamese)

হিমাক লৈ কি ছবি নিৰ্মাণ কৰিব ৰীমা দাসে?

August 16, 2018 4:21 pm · অনিৰ্বাণ পাঠক
Updated: August 16, 2018 4:50 pm

ভিলে’জ ৰকষ্টাৰ্চ ছবিৰ জৰিয়তে অসমলৈ গৌৰৱ কঢ়িয়াই অনা ৰীমা দাসে আন এগৰাকী অসম কন্যা হিমা দাসৰ জীৱনক লৈ ছবি নিৰ্মাণ কৰাৰ চিন্তা কৰিছে।

বৃহস্পতিবাৰে গুৱাহাটীত সাংবাদিকৰে হোৱা এক বাৰ্তালাপত ৰীমা দাসে দৌৰেৰে বিশ্বজয়ী কৰা হিমা দাসক লৈ ছবি নিৰ্মাণৰ পৰিকল্পনা কৰাৰ কথা জানিবলৈ দিয়ে।

প্ৰতিভাসম্পন্ন ছবি নিৰ্মাতা গৰাকীয়ে দৌৰবিদ হিমা দাসৰ জীৱনৰ লগত তেওঁৰ কিবা মিল থকা বুলিও উল্লেখ কৰে।

লগতে পঢ়িবলৈ ক্লিক কৰক: ৰীমা দাসৰ নৱতম চিনে’মা বুলবুল কেন ছিং

ৰীমা দাসে কয়, ‘হিমা দাসৰ লগত মই নিজৰ এটা সম্পৰ্ক দেখা পাওঁ। যিদিনা তেওঁ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছিল, মোৰ এনে ভাব হৈছিল যেন আমাৰ দুয়োগৰাকীৰ যাত্ৰাৰ মাজত কিবা এটা সম্পৰ্ক আছে। তেওঁ গাঁৱৰ পৰা ওলাই গৈ আজি এনে এটা স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে, ঠিক তেনেকৈ মইও এখন গাঁৱৰ পৰাই ওলাই গৈ এনেদৰে কাম কৰি আছো। সেইকাৰণে মোৰ মনত হিমা দাসক লৈ ছবি নিৰ্মাণ কৰাৰ খুউব ইচ্ছা জাগিছে।’

তেওঁ লগতে কয় যে গাঁৱৰ পৰিৱেশৰ পৰা হিমা দাসে কেনেকৈ আজিৰ এখন আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্জ্বলি উঠিব পাৰিছে সেই ইতিবাচক দিশটোক ছবিখনৰ জৰিয়তে প্ৰতিফলিত কৰিব বিচাৰিছে। হিমাৰ জীৱনৰ এই ধনাত্মক দিশটোৰ প্ৰতি ৰীমা দাস অতিকৈ আকৰ্ষিত বুলিও প্ৰকাশ কৰে।

ৰীমা দাসে লগতে ক্ৰীড়া আৰু সংগীতৰ ক্ষেত্ৰক লৈ একোখন ছবি নিৰ্মাণৰ হেঁপাহ মনত পুহি ৰখা বুলি প্ৰকাশ কৰে।

‘আমাৰ অসমত ক্ৰীড়া আৰু সংগীতৰ ক্ষেত্ৰখন বহুত আগবঢ়া, গতিকে সংগীতক লৈ এখন আৰু ক্ৰীড়াক লৈ এখন ছবি নিৰ্মাণ কৰাৰ কথা ভাবিছো। ক্ৰীড়াৰ ক্ষেত্ৰত হিমা দাসৰ জীৱনকৈ নিৰ্মাণ কৰাৰ কথা চিন্তা কৰিছো,’ ৰীমা দাসে কয়।

Related News