NORTHEAST NOW (Assamese)
অসম

৪টাকৈ বঁটাৰে ভেনিজুৱালাৰ চলচ্চিত্ৰ মহোৎসৱত জিলিকিল হেম চন্দ্ৰ বৰাৰ ‘দিবাস্বপ্ন’

Posted by: উত্তম শইকীয়া March 7, 2019 11:55 am

ভেনিজুৱালাত অনুষ্ঠিত ফাইভ কন্টিনেন্টচ ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত অসমৰ প্ৰবীন চলচিত্ৰ নিৰ্মাতা হেমচন্দ্ৰ বৰাৰ নৱনিৰ্মিত অসমীয়া ছুটি ছবি দিবাস্বপ্ন ( Day dream )ই চাৰিটাকৈ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷

মহোৎসৱটোত ‘দিবাস্বপ্ন’ই শ্ৰেষ্ঠ ছুটি ছবি হিচাপে নিৰ্বাচিত হোৱাৰ লগতে ছবিখনৰ মূল শিশু চৰিত্ৰত অভিনয় কৰা গ্ৰান্থিক বৰায়ে শ্ৰেষ্ঠ শিশু শিল্পী বঁটা, সামগ্ৰিক দলীয় অভিনয়ৰ বিশেষ বঁটা আৰু ছবিখনৰ কেমেৰামেন নৱ কুমাৰ দাসে লাভ কৰিছে চিনেমেত্ৰগ্ৰাফাৰৰ বিশেষ বঁটা।

উল্লখযোগ্য যে সংকল্প নামৰ ছবিখনৰ পিছত দীৰ্ঘ দিনৰ বিৰতিৰ অন্তত জলী চিনে এন্টাৰপ্ৰাইজৰ বেনাৰত হেম চন্দ্ৰ বৰাই নিৰ্মান কৰা ছুটি ছবি দিবাস্বপ্ন বোকাখাতৰ ধনশিৰিমুখৰ পটভুমিত এটি শিশু চৰিত্ৰৰ মনস্তত্বকলৈ নিৰ্মান হৈছে ৷

ছবিখনৰ চিত্ৰনাট্য, প্ৰযোজনা আৰু পৰিচালনা হেমচন্দ্ৰ বৰাৰ। ছবিখনত বোকাখাত আৰু কাজিৰঙাৰ একাংশ অপেচাদাৰী শিল্পীয়ে মননশীল অভিনয় কৰিছে। দিবাস্বপ্নৰ কেমেৰা নৱ কুমাৰ দাস আৰু সংগীত ভগৱত প্ৰিতমৰ।